বিশ্ব বিজয় ভাৰতৰ : নিউজিলেণ্ডক ফাইনেলত শোচনীয়ভাৱে হৰুৱাই ইতিহাস ৰচিলে টীম ইণ্ডিয়াই
ডিজিটেল ডেস্ক, ৯ মার্চ : ইতিহাস ৰচিলে ভাৰতে। আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত হেলাৰঙে নিউজিলেণ্ডক পৰাজিত কৰি বিশ্ব বিজয় ভাৰতৰ৷ ১৪০ কোটি ভাৰতীয়ৰ সপোন সার্থক কৰি একেৰাহে দ্বিতীয়বাৰলৈ টি–২০ বিশ্বকাপ ক্রিকেটত চেম্পিয়ন টীম ইণ্ডিয়া৷ ২০২৪ চনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ যৌথ উদ্যোগত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ খিতাপ যুঁজত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ভাৰতে ২০০৭ চনৰ পিছত দ্বিতীয়টো খিতাপ অর্জন কৰিছিল৷ ঘৰুৱা পৰিৱেশ, ক্রিকেট অনুৰাগীৰ পূজা–অর্চনা, হোমযজ্ঞ, শুভেচ্ছাই শক্তি যোগোৱা ভাৰতে এইবাৰ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত লক্ষাধিক দর্শকৰ উপস্থিতিত তৃতীয়বাৰলৈ পিন্ধিলে বিশ্বকাপৰ বিজয় মুকুট৷ এই জয়েৰে ভাৰতীয় দলটোৱে নিউজিলেণ্ড দলৰ অধিনায়কৰ দৰ্পচূৰ্ণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে নিউজিলেণ্ড দলৰ অধিনায়ক ছাণ্টনাৰে ফাইনেল মেচখনৰ পূৰ্বে ভাৰতীয় অনুৰাগীৰ হৃদয় ভাঙি বিশ্বকাপ আঁজুৰি নিয়াৰ কথা উল্লেখ কৰিছিল। কিন্তু দেওবাৰে নিশা ভাৰতীয় দলটোৱে একমাত্ৰ খেলৰ দ্বাৰাই কিৱি দলটোৰ অধিনায়কগৰাকীৰ দৰ্পচূৰ্ণ কৰিবলৈ সক্ষম হয়।
দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰে৷ টছত পৰাজিত হৈও বেটিঙৰ বাবে আমন্ত্রণ লাভ কৰি ভাৰতে সঞ্জু ছেমছন আৰু অভিষেক শর্মাৰ বিস্ফোৰক বেটিঙেৰে আৰম্ভণিৰে পৰা নিউজিলেণ্ডৰ বলাৰসকলক ধৰাশায়ী কৰি ৭.১ অভাৰত ৯৮ ৰানৰ যুটি বান্ধে৷ বিগত দুখন মেচত অনবদ্য প্রদর্শন আগবঢ়োৱা অ’পেনাৰ সঞ্জু ছেমছনে ফাইনেল মেচখনতো ৪৫টা বলত ৮৯ ৰান সংগ্রহ কৰি ভাৰতৰ দ্বিতীয় বিশ্বকাপ জয়ত উল্লেখযোগ্য বৰঙণি আগবঢ়ায়৷
ব্যক্তিগত ৫২ ৰানত অভিষেক শর্মা আউট হোৱাৰ পিছত ক্রীজলৈ অহা ঈশান কিশানেও কিৱি দলৰ বলাৰক প্রহাৰ কৰি ২৫টা বলত ৫৪ ৰানেৰে ইনিংছ খেলে৷ ঈশান কিশানে ৪টা ছয় আৰু ৪টা চাৰিৰে নিজৰ ইনিংছটো সজায়৷ অভিষেক শর্মাই ২১টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে ৫২ ৰান কৰে৷ খেলখনত অধিনায়ক সূর্যকুমাৰ যাদৱ ব্যর্থ হ’লেও হার্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই স্বাভাৱিকভাৱে বিস্ফোৰক বেটিঙেৰে ভাৰতৰ ইনিংছ ২৫৫ ৰানলৈ উন্নীত কৰি কিৱি বাহিনীৰ সন্মুখত ২৫৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে৷ ছেমিফাইনেলত দুর্দান্ত বেটিঙেৰে ভাৰতৰ জয়ত গুৰুত্বপূর্ণ বৰঙণি আগবঢ়োৱা পাণ্ডিয়া আৰু শিৱম ডুবেই ক্রমে ১৮ আৰু ২৮ ৰান কৰিবলৈ সক্ষম হয়৷
সামগ্রিকভাৱে ফাইনেল মেচখনত ভাৰতীয় দলে ১৯টা চাৰি আৰু ১৮টা ছয়েৰে একপ্রকাৰ অভিলেখ গঢ়ে৷ কিৱি দলৰ হৈ নিছামে ১ অভাৰত তিনিটা উইকেট দখল কৰি ভাৰতক এসময়ত চাপত পেলাইছিল যদিও ভাৰতৰ বাকী খেলুৱৈসকলে শ্রেষ্ঠত্ব প্রদর্শনেৰে দলটোক এক শক্তিশালী স্থিতিত উপনীত কৰায়৷ নিউজিলেণ্ডৰ হৈ জেম নিছামে সর্বাধিক তিনিটা উইকেট দখল কৰে৷
ইফালে, ২৫৬ ৰানৰ লক্ষ্য আগত লৈ নিউজিলেণ্ডে ভাৰতীয় বলাৰৰ সন্মুখত আৰম্ভণিৰ পৰাই যুঁজ দিয়া পৰিলক্ষিত হয়৷ ভাৰতীয় বলাৰৰ নিখুঁত নিয়ন্ত্রণ আৰু চমকপ্রদ ফিল্ডিঙেৰে কিৱি বাহিনীৰ প্রথম বিশ্বকাপ জয়ৰ সপোন ধূলিসাৎ কৰে৷ ৩১ ৰানতে ফিন এলেনৰ উইকেট হেৰুওৱাৰ পিছত পৰৱর্তী অভাৰত ৰাশ্বিন ৰবীন্দ্রও পেভিলিয়নমুখী হয়৷ ছেমিফাইনেলত দুর্দান্ত প্রদর্শন কৰা কিৱিৰ অ’পেনাৰকে ধৰি টপ অর্ডাৰ বেটাৰসকল সম্পূর্ণ ব্যর্থ হয়৷ দলটোৰ হৈ টীম শ্বেফার্টে সর্বাধিক ৫২ ৰান আৰু অধিনায়ক মিছেল চাণ্টনাৰে ৪৩ ৰান কৰাৰ বাহিৰে বাকীসকল বেটাৰ ভাৰতীয় বলাৰৰ সন্মুখত বেছি সময় টিকি থাকিব নোৱাৰিলে৷ দলটোৱে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়৷ ইয়াৰ জৰিয়তে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৬ ৰানত জয়ী হৈ ইতিহাস ৰচনা কৰে৷
ভাৰতৰ হৈ যশপ্রীত বুমৰাহে ৪ অভাৰত ১৫ ৰানৰ বিনিময়ত সর্বাধিক ৪টা উইকেট দখল কৰে৷ অক্ষৰ পেটেলে তিনিটা উইকেট লাভ কৰে৷ তিনিখন মেচত একেৰাহে তিনিটা অর্ধশতকসহ টি–২০ বিশ্বকাপত মুঠ ৩২১ ৰান সংগ্রহ কৰা ভাৰতীয় দলৰ অ’পেনাৰ সঞ্জু ছেমছনক আইচিচি প্লেয়াৰ অৱ দ্য টুর্নামেণ্ট বঁটা প্রদান কৰে৷ যশপ্রীত বুমৰাহক প্লেয়াৰ অৱ দ্য মেচ সন্মান প্রদান কৰে৷