নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জি ট্রফীৰ পাৰিতোষিক বৃদ্ধিৰ বাবে ব’ৰ্ডক আহ্বান গাভাস্কাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ দেশৰ আগশাৰীৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতাৰ ৰঞ্জি ট্রফীৰ পাৰিতোষিক বৃদ্ধিৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডক আহ্বান জনাইছে টীম ইণ্ডিয়াৰ প্রাক্তন মহান খেলুৱৈ সুনীল গাভাস্কাৰে৷ ৰঞ্জি ট্রফীক আৰু অধিক আকর্ষণীয় কৰি তোলাৰ বাবে ক্রিকেটাৰসকলৰ প্রেৰণা বৃদ্ধি কৰাৰ পৰামর্শ আগবঢ়ায় লিটল মাষ্টাৰ গাভাস্কাৰে কয় যে ৰঞ্জি ট্রফীৰ পাৰিতোষিক দুগুণ বা তিনিগুণ বৃদ্ধি হ’ব লাগে৷ তেতিয়াহে ক্রিকেটাৰসকলে ঘৰুৱা ক্রিকেট খেলিবলৈ অনুপ্রাণিত হ’ব৷ ৰঞ্জি ট্রফী খেলিব পৰাসকলৰ বাবে বিচিচিআয়ে ভাল উদ্যোগ লৈছে৷ কিন্তু মই ব’ৰ্ডক অনুৰোধ কৰিম যে ৰঞ্জি ট্রফীৰ পাৰিতোষিক বৃদ্ধি কৰিব লাগে৷ যদি প্রতিযোগিতাখনৰ আর্থিক মূল্য দুগুণ বা তিনি গুণ হয় তেতিয়াহ’লে প্রতিযোগিতাখনৰ অধিক ক্রিকেটাৰে অংশগ্রহণ কৰিব৷ তেনেক্ষেত্রত অধিক কমসংখ্যক ক্রিকেটাৰে ৰঞ্জি ট্রফীৰ পৰা নিজকে আঁতৰাই ৰাখিব বুলি গাভাস্কাৰে মন্তব্য কৰে৷ মন কৰিবলগীয়া যে বিগত বছৰত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ৰঞ্জি ট্রফীৰ চেম্পিয়নৰ পুৰস্কাৰৰ ধন ৫ কোটি টকালৈ বৃদ্ধি কৰিছিল৷ এইবাৰ মুম্বায়ে প্রতিযোগিতাখনৰ খিতাপ জয় কৰে৷ মুম্বাই ক্রিকেট সন্থাই আজিংক্য ৰাহানেৰ দলটোক অতিৰিক্ত ৫ কোটি টকা দিয়াৰ প্রতিশ্রুতি দিছে৷

You might also like