নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনৰ ভোট নৰেন্দ্র মোদীৰ ওপৰত হ’ব : মুখ্যমন্ত্ৰী

🎯১৯ এপ্রিললৈ মানুহৰ ধাৰণা হ’ব কিমান বিদেশীয়ে আবেদন কৰিলে

🎯আবেদনকাৰীৰ সংখ্যা ৩ৰ পৰা ৬ লাখৰ মাজত থাকিব

🎯২০২৬লৈ নীলা তেজৰ দুই–এটা পৰিয়ালক বাদ দি কোনো হিন্দু কংগ্রেছত নাথাকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ ‘কা’ক লৈ বিৰোধী দল আৰু একাংশ সংগঠনে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনমুখী হোৱাৰ বিপৰীতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমাগত লোকসভা নির্বাচনত ‘কা’ আইনখন গেইম চেঞ্জাৰ হ’ব বুলি মন্তব্য কৰিছে৷ ‘নিউজ লাইভ’ৰ জনপ্রিয় অনুষ্ঠান প্রেক্ষাপটত চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনৰে হোৱা সাক্ষাৎকাৰত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৪ চনৰ পূর্বে অহা বিদেশীৰ বাবে নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ বাবে ইতিমধ্যে প’র্টেল মুকলি কৰি দিয়া হৈছে৷ অহা ১৯ এপ্রিলৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ দিনালৈ প’র্টেল মুকলি হোৱাৰ প্রায় ৪০ দিন হ’ব৷ তেতিয়া মানুহৰ ধাৰণা হ’ব কিমানজন বিদেশীয়ে নাগৰিকত্ব বিচাৰি আবেদন কৰিলে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, নির্বাচনৰ সময়লৈ ‘কা’ গেম চেঞ্জাৰ হ’ব৷ প্রথমবাৰৰ বাবে আন্দোলনজীৱী মানুহে বুজি উঠিব পাৰিব৷ প্রথম পর্যায়ৰ নির্বাচনৰ দুদিনমানৰ আগত মানুহে গম পাব আন্দোলনকাৰীসকলে কোৱাৰ দৰে ২০ লাখ, ১৮ লাখ, ডেৰ কোটি হিন্দু বাংলাদেশী অসমলৈ আহিব নে নাই৷ ২০১৬ চনলৈ মানুহে জানিব পাৰিব ‘কা’ৰ জৰিয়তে অসমলৈ কিমান হিন্দু বাংলাদেশী আহিল৷ এনআৰচিত আবেদন কৰি নাম অন্তর্ভুক্ত নোহোৱা লোকক বাদ দি কোনো নতুন লোকে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন নকৰে৷ আন্দোলনকাৰীসকলে কোৱাৰ দৰে ২০ লাখ লোক আহিলে তেওঁ নিজেই পদত্যাগ কৰি আন্দোলন কৰাৰ ঘোষণা কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– এনআৰচিত আবেদন কৰা লোকৰ ১৬ লাখৰ নাম বাদ পৰিছে৷ ইয়াৰে দুই লাখ কোচ ৰাজবংশীকে ধৰি ৰাজ্যখনৰ থলুৱা বাসিন্দা৷ ১.৬ লাখ লোক গোর্খা সম্প্রদায়ৰ৷ ৭ লাখ মুছলমান সম্প্রদায়ৰ৷ এনে অৱস্থাত ‘কা’ৰ জৰিয়তে নাগৰিকত্ব বিচাৰি আবেদন কৰা লোকৰ সংখ্যা ৩ৰ পৰা ৬ লাখৰ মাজতে থাকিব বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি এনআৰচিত নাম অন্তর্ভুক্ত নোহোৱা সকলো লোকেই ‘কা’ৰ জৰিয়তে নাগৰিকত্ব বিচাৰি আবেদন নকৰে বুলিও স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এনআৰচিত আবেদন কৰাৰ সময়ত সকলোৱে ১৯৭১ৰ আগত অহা বুলি কয়৷ এনআৰচিখনত কাৰোবাৰ পিতৃৰ নাম আছে, পুত্রৰ নাম নাই৷ কাৰোবাৰ পুত্রৰ নাম আছে, পিতৃৰ নাম নাই৷ স্বাভিমানী মনৰ সেইসকল লোকে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব বিচাৰি আবেদন নকৰে৷ তেওঁলোক ন্যায়ালয়লৈ যাব, ট্রিবিউনেললৈ যাব৷ এনে অৱস্থাত অসমত নাগৰিকত্ব বিচাৰি আবেদন কৰা লোকৰ সংখ্যা আন্দোলনকাৰীসকলে ভবাৰ দৰে নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে অসমৰ মানুহে এতিয়া পৰিপক্বতা দেখুৱাইছে৷ ‘কা’ৰ বিৰোধিতা কৰা লোকেও এতিয়া আন্দোলনৰ পৰিৱর্তে বিষয়টোক লৈ উচ্চতম ন্যায়ালয়লৈ যোৱাটো বিচাৰিছে৷ ইপিনে ২০২৬ চনলৈ নীলা তেজৰ দুই–এটা পৰিয়ালক বাদ দি কোনো হিন্দু কংগ্রেছত নাথাকে৷ সকলো বিজেপিলৈ আহিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১২, ২০১৩ আৰু ২০১৪ চনত কংগ্রেছে ভুল সিদ্ধান্ত গ্রহণ কৰিলে৷ অসমত সেই সময়ত কংগ্রেছত হোৱা বিদ্রোহৰ সময়ত অসমীয়া মূলসুঁতিৰ লোকক অৱহেলা কৰিলে৷ নীলা তেজৰ ৰাজনীতি কৰিলে৷ দেউতাক, ককাকৰ দিনৰে পৰা কংগ্রেছত থকা দুই–এটা পৰিয়ালক বাদ দি সকলোকে অৱহেলা কৰিলে৷ ইয়াৰ প্রভাৱ সমগ্র দেশতে পৰিল৷ ২০১৫ চনত অসম কংগ্রেছত হোৱা বিভাজন বা দলত্যাগৰ পৰা কংগ্রেছ দল আঁতৰি আহিব নোৱাৰিলে৷ তাৰ বাবে দলটোৰ স্খলন হৈ থাকিল৷ বিজেপিয়ে মুছলমানক ভাল নাপায় বুলি মুছলমানসকলৰ যি ধাৰণা আছে, তাৰ বাবে কিছু মুছলমান উপায় নাপাই কংগ্রেছত থাকিল৷ অৱশ্যে যিসকলৰ আত্ম অভিমান আছে, তেওঁলোকো ওলাই আহিব, যিদৰে আব্দুল খালেক কংগ্রেছৰ পৰা ওলাই আহিল৷ ভূপেন বৰা, কমলাক্ষ দে’ পুৰকায়স্থ আদি ওলাই অহাৰ অপচন আছে৷ অৱশ্যে দেৱব্রত শইকীয়া, দিগন্ত বর্মন আদি নীলা তেজৰ৷ নীলা তেজৰ সকলেও এটা সময়ত যে সলনি নহ’ব সেয়া ক’ব নোৱাৰি৷ ইপিনে এইবাৰৰ লোকসভা নির্বাচন সহজ নির্বাচন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰৰ ভোট নৰেন্দ্র মোদীৰ ওপৰত হ’ব৷ মোদীৰ নেতৃত্বত মানুহে তৃতীয়বাৰৰ বাবে চৰকাৰ বিচাৰিব৷ বিজেপিৰ প্রার্থী জয়ী হ’লেহে নৰেন্দ্র মোদী প্রধানমন্ত্রী হ’ব পাৰিব৷ বিৰোধীৰ প্রার্থী জয়ী হ’লে ৰাহুল গান্ধী প্রধানমন্ত্রী হ’ব৷ মানুহে ৩-৪ মাহ আগৰে পৰাই সিদ্ধান্ত লৈছে লোকসভা নির্বাচনত কাক ভোট দিব৷ নৰেন্দ্র মোদীৰ বিকল্প কোনো প্রার্থী কংগ্রেছৰ হাতত নাই৷ সেইদৰে অসমত বিজেপি মিত্রজোঁটে ১১খন আসনৰ পৰা এতিয়া ১৩খন আসন দখল কৰিবলৈ সক্ষম হ’ব বুলি কোৱাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ পাছত নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত বিজেপিৰ বাবে কঠিন হ’ব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু কংগ্রেছে নগাঁও আৰু কৰিমগঞ্জত প্রার্থী দিওঁতে উজুটি খালে৷ স্বাভাৱিক প্রার্থীৰ পৰিৱর্তে অস্বাভাৱিক প্রার্থী দিলে৷ ইয়াৰ লগে লগে বিজেপি মিত্রজোঁটৰ প্রতিদ্বন্দ্বিতা ১৩খন আসনৰ বাবে মুকলি হ’ল৷ ধুবুৰীত বিজেপি নিজিকে৷ সেই আসনখনত এআইইউডিএফ আৰু কংগ্রেছৰ মাজতে প্রতিদ্বন্দ্বিতা হ’ব৷ নগাঁও আৰু কৰিমগঞ্জত আমি চাঞ্চ লোৱাৰ চেষ্টা কৰিম৷ যোৰহাট আৰু ডিব্রুগড়ৰ আসন দুখনো বিজেপিৰ বাবে সহজ আসন বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ ইপিনে দলে যদি ২০২৬ৰ নির্বাচনত মুখ্যমন্ত্রী ড০ শর্মাক যোৰহাটৰ পৰা অৱতীর্ণ হোৱাৰ সুযোগ দিয়ে, তেওঁ যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি কয় যে যোৱা দুবছৰে এই বিষয়ে তেওঁ মন্ত্রী অজন্তা নেওগ আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্রনাথ গোস্বামীৰ লগত আলোচনা কৰি আছে৷ জীৱনত সুযোগ পালে যোৰহাটৰ পৰা তেওঁ বিধায়ক হোৱাৰ উৎসাহ আছে৷ কিয়নো তেওঁৰ জন্ম যোৰহাটত হৈছিল আৰু যোৰহাটৰ বাল্য ভৱনৰ পৰা শিক্ষাজীৱন আৰম্ভ কৰিছিল৷ অৱশ্যে এয়া সকলো নির্ভৰ কৰিব দলৰ সিদ্ধান্তৰ ওপৰত৷

You might also like