নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিপক্ষে সহজ জয় গুজৰাট টাইটানছৰ

ডিজিটেল ডেস্ক, ১ মে’ : গুজৰাট টাইটানছে চলিত আইপিএলৰ প্লে অফত খেলাৰ আশা সজীৱ কৰি তুলিছে৷ বৃহস্পতিবাৰে আহমেদাবাদত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত গুজৰাট টাইটানছে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক সহজেই ৪ উইকেটত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷ ল’ স্ক’ৰিং মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ১৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শুভমন গিলৰ ১৮ বলত ৪৩ আৰু জ’ছ বাটলাৰৰ ১৯ বলত ৩৯ ৰানৰ সহায়ত গুজৰাটে ১৫.৫ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

ৰাহুল টেৱাটিয়াই ১৭ বলত ২৭ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰে ১২, জেছন হল্ডাৰে ১২, সাই সুদর্শনে ৬ আৰু শ্বাহৰুখ খানে ৮ ৰান কৰি বিদায় লয়৷ আৰচিবিৰ হৈ ভুবনেশ্বৰ কুমাৰে সর্বাধিক তিনিটা উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি দেৱদূত পাড়িকালৰ ৪০, বিৰাট কোহলিৰ ২৮ আৰু অধিনায়ক পাটিডাৰৰ ১৯ ৰানৰ সহায়ত আৰচিবিয়ে ১৯.২ অভাৰত ১৫৫ ৰান কৰে৷ গুজৰাটৰ আর্ছাদ খানে সর্বাধিক তিনিটা উইকেট লয়৷ আৰচিবিয়ে ৯খন খেলৰ পৰা ১২ পইণ্ট অর্জন কৰি দ্বিতীয়ত আৰু গুজৰাটে ৯খন মেচৰ পৰা ১০ পইণ্ট অর্জন কৰি পঞ্চম স্থানত আছে৷

You might also like