অসম্ভৱকো সম্ভৱ :ক্রিকেট জগতৰ নতুন চাঞ্চল্য হামজা চেলিম
বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ অনিশ্চয়তাৰে ভৰা ক্রিকেটত যিকোনো ঘটনাই সম্ভৱ৷ এইবাৰ মাত্র ৪৩টা বলত ১৯৩ ৰান কৰি ক্রিকেট জগতত নতুন চাঞ্চল্যৰ সৃষ্টি কৰিলে হামজা চেলিম ডাৰ নামৰ এগৰাকী বেটাৰে৷ স্পেইনৰ জাতীয় দলৰ হৈ খেলা ২৮ বছৰীয়া এইগৰাকী অখ্যাত খেলুৱৈ আজি ক্রিকেট জগতত নতুন চাঞ্চল্যৰ সৃষ্টি কৰে৷ বাঁওহতীয়া বেটাৰ হামজাই ইউৰোপীয় টি–১০ ক্রিকেটত এক ধুমুহাৰ ইনিংছ খেলে৷ সোহাল হস্পিটালেটৰ বিপক্ষে খেলা মেচখনত কাটালুনিয়া জাগুয়াৰক প্রতিনিধিত্ব কৰা হামজাই ৪৩টা বলত ১৯৩ ৰান কৰি অপৰাজিত হৈ থাকে৷ হামজাৰ এই বিস্ফোৰক ইনিংছটোত আছিল ২২টা ছিক্সাৰ আৰু ১৪টা বাউণ্ডেৰী৷ অলৰাউণ্ড হিচাপে পৰিচিত হামজা চেলিম ডাৰে ২০২০ চনৰ পৰা ইউৰোপীয় লীগত খেলি আহিছে৷ ১৯৩ ৰানৰ অপৰাজিত ইনিংছ খেলা হামজাই এতিয়ালৈকে টি–১০ লীগত তিনিটাকৈ শতক অর্জন কৰিছে৷ এতিয়ালৈকে ১,২৮৮ ৰান কৰা হামজাই ৩১টাকৈ উইকেটো দখল কৰিবলৈ সক্ষম হৈছে৷ মেচখনত অলৰাউণ্ডাৰ হামজাই মাত্র ২৪টা বলতে শতক অর্জন কৰিছিল৷ বিপক্ষ দলৰ বলাৰ মহম্মদ ৱাৰিছৰ এটা অভাৰত ৪৩ ৰান সংগ্রহ কৰে হামজাই৷ মেচখনত কাটালুনিয়া জাগুয়াৰে নির্ধাৰিত ১০ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ২৫৭ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত সোহাল হস্পিটালেটে নির্ধাৰিত ১০ অভাৰত ৮টা উইকেট হেৰুৱাই ১০৪ ৰানহে কৰিবলৈ সক্ষম হয়৷ মেচখনত এনে বিস্ফোৰক মহাকাব্যিক ইনিংছৰ বাবে হামজাই শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে৷
#বাৰ্তা ডেস্ক