IPL-2026ৰ পৰা বাহিৰ হৰ্ষিত ৰাণা, KKR-l ডাঙৰ আঘাত
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ আৰম্ভ হোৱাৰ আগতেই কলকাতা নাইট ৰাইডাৰ্ছ দলটোৱে ডাঙৰ আঘাত সন্মুখীন হৈছে। দলটোৰ দ্ৰুত বলাৰ হৰ্ষিত ৰাণা সম্পূৰ্ণ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছে। আঘাতৰ বাবে তেওঁ IPL-2026ত খেলিব নোৱাৰিব। কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ৪ কোটি টকাৰ মূল্যত ৰিটেইন কৰিছিল।
জানিব পৰা মতে, টি-২০ বিশ্বকাপৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত ৱাৰ্ম-আপ খেলত হৰ্ষিত ৰাণাই আঘাত পাইছিল। সেই আঘাতৰ বাবেই তেওঁ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ব লগা হৈছিল।
শুকুৰবাৰে দলটোৱে ব্লেছি মুজাৰাবানীক অন্তৰ্ভুক্ত কৰিছে। জিম্বাবুৱেৰ এই দ্ৰুত বলাৰজনেই সম্ভৱতঃ হৰ্ষিত ৰাণাৰ স্থান ল’ব পাৰে বুলি অনুমান কৰা হৈছে।
ইফালে আন্দ্ৰে ৰাছেলৰ অৱসৰৰ পিছত হৰ্ষিত ৰাণাৰ অনুপস্থিতি KKRৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ ডেথ অভাৰত ব’লিং কৰাৰ ক্ষেত্ৰত। দলটোত অৱশ্যে মথিছা পাথিৰানা আছে, যাক নিলামত KKRয়ে ১৮ কোটি টকাত কিনিছিল।
উল্লেখ্য যে ব্লেছিং মুজাৰাবানী টি-২০ বিশ্বকাপ ২০২৬ত সৰ্বাধিক উইকেট লাভ কৰা বলাৰসকলৰ ভিতৰত অন্যতম আছিল। সমগ্ৰ টুৰ্ণামেণ্টত তেওঁ মুঠ ১৩টা উইকেট লাভ কৰিছিল।
ডিজিটেল ডেস্ক, ১৪ মাৰ্চ