নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডক ২৮ জুনলৈ সময় দিলে আই চি চিয়ে

নিয়মীয়া বাৰ্তা ২ জুনঃ অক্টোবৰ–নৱেম্বৰত টি–২০ বিশ্বকাপ ভাৰতত আয়োজন কৰিব পাৰিবনে নাই, সেয়া নিশ্চিত কৰিবলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক অহা ২৮ জুনলৈ সময় বান্ধি দিছে আই চি চিয়ে৷ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে বিশ্বকাপ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূর্বে এমাহৰ সময় দিবলৈ আই চি চিক আহ্বান জনাইছিল৷

ব’ৰ্ডৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই আই চি চিয়ে আজি ব’ডৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰে৷ বি চি চি আইৰ এটা সূত্রই জানিবলৈ দিয়া অনুসৰি সৌৰভ গাংগুলী আৰু জয় শ্বাহে আজিৰ বৈঠকত ভার্চুৱেলী অংশগ্রহণ কৰে৷ তেওঁলোকে জুলাইৰ আৰম্ভণিতে বিশ্বকাপ ভাৰতৰ পৰা স্থানান্তৰ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব বুলি আই চি চিক আশ্বাস দিয়ে ।

You might also like