নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিৰপুৰত আজি ভাৰত বাংলাদেশৰ প্রথম এদিনীয়া

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: টীম ইণ্ডিয়া আৰু ঘৰুৱা দল বাংলাদেশৰ মাজৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্রথমখন মেচ আজি মিৰপুৰত অনুষ্ঠিত হ’ব৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপলৈ সাজু হোৱাৰ লক্ষ্য লোৱা টীম ইণ্ডিয়াই পূর্ণ শক্তিৰে আজিৰ মেচত অৱতীর্ণ হ’ব৷ নিউজিলেণ্ডৰ বিপক্ষে সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে ১–০ ব্যৱধানত পৰাস্ত হয় যদিও উক্ত শৃংখলাটোত ৰোহিত শর্মা, বিৰাট কোহলিকে ধৰি কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে অংশ লোৱাৰ পৰা বিৰত আছিল৷ অৱশ্যে বাংলাদেশৰে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোত ৰোহিত শর্মা, বিৰাট কোহলি, লোকেশ ৰাহুলৰ উপস্থিতিয়ে ভাৰতীয় দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰি তুলিব৷ অৱশ্যে আজিৰ মেচখনত শিখৰ ধাৱনক বিশ্রাম দিয়াৰ সম্ভাৱনা আছে৷ বেটাৰগৰাকীয়ে নিউজিলেণ্ডৰ পৰা পোনে পোনে বাংলাদেশত উপস্থিত হৈছে আৰু তেওঁক বিশ্রাম দিয়াৰ সম্ভাৱনা অধিক৷ আজিৰ মেচখনত অধিনায়ক ৰোহিত শর্মাই লোকেশ ৰাহুলেৰে ইনিংছ মুকলি কৰাৰ ইংগিত দি অধিনায়কগৰাকীয়ে কয় যে আগন্তুক বর্ষৰ এদিনীয়া বিশ্বকাপলৈ সাজু হোৱাৰ উদ্দেশ্যে প্রতিটো শৃংখলাতে তেওঁলোকে পূর্ণ শক্তিৰে অৱতীর্ণ হ’ব৷

 

খেলৰ সময়: দিনৰ ১১.৩০ বজা৷

You might also like