নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ গুপ্তহত্যাৰ পটভূমিত বলীউডত নিৰ্মাণ হ’ব ছবি

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: অগপ চৰকাৰৰ দ্বিতীয়টো কার্যকালত সংঘটিত গুপ্তহত্যাৰ বিভীষিকা এইবাৰ প্রদর্শিত হ’ব ৰূপালী পর্দাত৷ এফালে গুপ্তহত্যাৰ আতংক, আনফালে সেনাবাহিনীৰ অত্যাচাৰৰ সেই বিভীষিকাময় দিনসমূহৰ বাস্তৱ পটভূমিত বলীউডত নির্মিত এখন নতুন ছবিয়ে সমগ্র দেশতে মুক্তি লাভ কৰিব৷ প্রাক্তন ন্যায়াধীশ কে এন শইকীয়া আয়োগৰ তদন্ত প্রতিবেদনৰ ভিত্তিত গুপ্তহত্যাৰ কাহিনীৰে নির্মাণ কৰা হিন্দী ছবি ‘শ্বেড’ এছাচিনছ’ অহা ৯ ডিচেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব৷ এই কথা সদৰী কৰিছে ছবিখনৰ প্রযোজক–পৰিচালক নীলাঞ্জন ৰীতা দত্তই৷

গুৱাহাটীৰ এখন হোটেলত আয়োজন কৰা এখন সংবাদ মেলত দত্তই কয় যে প্রাক্তন ন্যায়াধীশ কে এন শইকীয়াৰ তদন্ত প্রতিবেদনৰ উপৰি তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত এই ছবিখন নির্মাণ কৰা হৈছে৷ য’ত ৯০ৰ দশকত গাঁৱে–ভূঞে বিৰাজ কৰা সেই ভয়াৱহ পৰিস্থিতি চিত্রায়ণ কৰাৰ চেষ্টা কৰা হৈছে৷ বিভিন্ন স্থানত উদ্ধাৰ হোৱা মৃতদেহ, সেনা–আৰক্ষীৰ অভিযান আদি এই ছবিখনৰ জৰিয়তে প্রকাশ কৰিব বিচৰা হৈছে৷ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্রাক্তন ছাত্র তথা দুবাৰকৈ ৰাষ্ট্রীয় চলচিত্র বঁটাৰে সন্মানিত দত্তই প্রকাশ কৰা অনুসৰি ছবিখনৰ কাহিনী কাল্পনিক হ’লেও ইয়াৰ পটভূমি সম্পূর্ণ বাস্তৱ৷ ছবিখনৰ মাজেৰে বহুতেই নিজৰ পৰিচিত বহু ঘটনা, পৰিঘটনা পুনৰ এবাৰ দেখিবলৈ পাব বুলি উল্লেখ কৰি তেওঁ কয়– ‘ভাৰতৰ মূলসুঁতিৰ ছবিজগতত অসমৰ বহু জীৱন্ত কাহিনী সদায়েই উপেক্ষিত হৈ আহিছে৷ সমগ্র বিশ্বক অসমৰ প্রেক্ষাপটত এখন ছবি নির্মাণ কৰি ৯০ৰ দশকত অসমৰ সেই ক’লা অধ্যায়ৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে৷ ছবিখনত প্রতিজন অভিনেতাই খুব সুন্দৰকৈ অভিনয় কৰিছে৷’ ৩.৫ কোটি টকা বাজেটেৰে নির্মাণ কৰা ছবিখনত অসম আৰু কলকাতাৰ লগতে বলীউডৰ কেইবাগৰাকীও জনপ্রিয় অভিনেতাই অভিনয় কৰিছে৷

সংবাদ মেলত তেওঁ প্রকাশ কৰা অনুসৰি বলীউডৰ জনপ্রিয় অভিনেতা অনুৰাগ সিন্হা, দাক্ষিণাত্যৰ ছবিজগতত প্রতিষ্ঠিত অভিনেত্রী মিষ্টি চক্রৱর্তী, জনপ্রিয় অভিনেতা হেমন্ত খেৰ, কেশৰী ছবিত খলনায়কৰ চৰিত্রত অভিনয় কৰা ৰাকেশ চতুর্বেদী ওম, সৌম্য মুখার্জীৰ লগতে কেইবাগৰাকীও জনপ্রিয় অভিনেতাই অভিনয় কৰিছে৷ তদুপৰি অসমৰ মনোজ বৰকটকী, ৰঞ্জিৱলাল বৰুৱা, স্তুতি চৌধুৰী, ভায়োলেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা, মৃগেন্দ্র নাৰায়ণ কোঁৱৰ, বিভূতিভূষণ হাজৰিকাকে ধৰি কেইবাগৰাকীও অসমৰ অভিনেতা–ভিনেত্রীয়ে অভিনয় কৰিছে৷ বলীউডৰ জনপ্রিয় সংগীত শিল্পী জাভেদ আলীৰ লগতে যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গে ছবিখনৰ দুটি গীতত কণ্ঠদান কৰিছে৷ ছবিখনৰ সাজসজ্জা গৰিমা শইকীয়া গার্গ আৰু ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা৷ কলকাতাৰ জনপ্রিয় শিল্পী আশু চক্রৱর্তীয়ে ‘শ্বেড’ এছাচিনছ’ৰ সংগীত পৰিচালনা কৰিছে৷

সংবাদ মেলত তেওঁ প্রকাশ কৰা অনুসৰি পুনেৰ লগতে গুৱাহাটীৰ সমীপৱর্তী বিভিন্ন স্থানত ছবিখনৰ দৃশ্যগ্রহণ কৰা হৈছে৷ হিন্দী ভাষাত নির্মাণ কৰা বলীউডৰ ছবিখন সমগ্র দেশৰ লগতে বিদেশতো মুক্তিৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমবাসীৰ বাবে গুপ্তহত্যা শব্দটো এতিয়াও এক আতংকৰ অনুভূতি৷ সেই বিভীষিকাপূর্ণ ক’লা দিনসমূহৰ স্মৃতিয়ে আজিও অসমৰ বহু পৰিয়ালক খেদি ফুৰে৷ অসমৰ পটভূমিত নির্মাণ কৰা এই বলীউডৰ ছবিখনৰ প্রচাৰকার্যও অসমৰ পৰাই আৰম্ভ কৰা হৈছে৷ ইপিনে সংবাদ মেলত উপস্থিত থকা গৰিমা শইকীয়া গার্গে ছবিখন সন্দর্ভত কয় যে সামগ্রিকভাৱে গুপ্তহত্যাৰ সময়ছোৱাৰ কাহিনীসমূহ চিত্রায়ণ কৰিবলৈ চেষ্টা কৰা হৈছে৷ ইয়াৰ বাবে বিভিন্ন স্থানত সেই সময়ত সৃষ্টি হোৱা পৰিস্থিতি সম্পর্কত বাতৰিকাকত অথবা আলোচনীত প্রকাশ পোৱা প্রতিবেদনৰ সহায় লোৱা হৈছিল আৰু সেই ধৰণে দৃশ্যগ্রহণ কৰি বাস্তৱ পৰিস্থিতি প্রকাশ কৰিবলৈ ছবিখনৰ জৰিয়তে চেষ্টা কৰা হৈছে৷ আজি অনুষ্ঠিত সংবাদ মেলত অভিনেতা মহেশ গিন্নিলাল, মনোজ বৰকটকী, পৰীক্ষিত তামুলী, মৃগেন্দ্র নাৰায়ণ কোঁৱৰৰ লগতে কেইবাগৰাকী কলা–কুশলী উপস্থিত থাকে৷

You might also like