নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত পুনৰ মুখামুখি হ’ব ভাৰত–পাক!

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: পাকিস্তানক ৪ উইকেটত পৰাজিত কৰাৰ সোৱাদ এতিয়াও পাহৰিব পৰা নাই ভাৰতীয় সমর্থকসকলে৷ ইয়াৰ বিপৰীতে পাকিস্তানে প্রতিশোধ লোৱাৰ সুযোগ বিচাৰিছে৷ এনে পৰিস্থিতিত চলিত বিশ্বকাপত পুনৰবাৰ মুখামুখি হ’ব পাৰে ৰোহিত শর্মা আৰু বাবৰ আজমৰ দল৷ এইবাৰ এছিয়া কাপত দেশ দুখন দুবাৰ মুখামুখি হৈছিল৷ প্রতিযোগিতাখনত ভাৰতে ফাইনেল খেলিব পাৰিলে এছিয়া কাপত তেওঁলোক তৃতীয়বাৰ মুখামুখি হ’লহেঁতেন৷

এইবাৰ বিশ্বকাপত ছুপাৰ ১২ৰ পিছত আছে ছেমিফাইনেল৷ কিন্তু একেটা গ্রুপত থকা ভাৰত আৰু পাকিস্তান কোনোমতে ছেমিফাইনেলত পুনৰ মুখামুখি হোৱাৰ সম্ভাৱনা নাই৷ কেৱল দুয়োটা দলেই ছেমিফাইনেলত প্রৱেশ কৰি ফাইনেললৈ উন্নীত হ’লে চূড়ান্ত খেলত মুখামুখি হ’ব পাৰে ভাৰত–পাকিস্তান৷

উল্লেখ্য যে টি–২০ বিশ্বকাপৰ ছুপাৰ ১২ত দলসমূহক দুটা গ্রুপত ভাগ কৰা হৈছে৷ ভাৰত আছে গ্রুপ–‘বি’ত৷ দুয়োটা গ্রুপৰ পৰা দুটাকৈ দল ছেমিফাইনেললৈ যাব৷ এটা গ্রুপৰ শীর্ষ দলটোৰ সৈতে আনটো গ্রুপৰ দ্বিতীয় স্থানত থকা দলটো ছেমিফাইনেলত মুখামুখি হ’ব৷ ইয়াৰ ফলত ছেমিফাইনেলত ভাৰত–পাকিস্তান মুখামুখি হোৱাৰ সম্ভাৱনা নাই৷ ছেমিফাইনেলত জয়লাভ কৰিব পাৰিলে দুয়োটা দলেই চূড়ান্ত মেচত অৱতীর্ণ হ’ব৷

You might also like