নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ চনৰ পূর্বে উত্তৰ–পূবৰ ৰাজ্যৰ ৰাজধানী সংযোগ হ’ব বিমান–ৰে’ল যোগাযোগেৰে

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ ২০২৪ চনৰ পূর্বেই ৰে’ল আৰু বিমান যোগাযোগেৰে সংযোজিত কৰা হ’ব উত্তৰ–পূবৰ ৮খন ৰাজ্যৰ ৰাজধানীক৷ শনিবাৰে শ্বিলঙত এই কথা ঘোষণা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷

দুদিনীয়া কার্যসূচীৰে মেঘালয়ত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কালি শ্বিলঙৰ মাভিয়াঙত এটা আন্তঃৰাজ্যিক বাছ টার্মিনেলৰ শুভ উদ্বোধন কৰি কয় যে ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দায়িত্বভাৰ গ্রহণৰ পাছতেই উত্তৰ–পূবৰ যোগাযোগৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব আৰোপ কৰিছিল৷

উত্তৰ–পূবৰ বিকাশ তেতিয়াহে সম্ভৱ, যেতিয়া ইয়াৰ দুর্গম ভৌগোলিক অঞ্চলসমূহ সকলোপ্রকাৰ যোগাযোগেৰে সংযোগ হয়৷ আজি মুকলি হোৱা আন্তঃৰাজ্যিক বাছ টার্মিনেলৰ জৰিয়তে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ সৈতে যোগাযোগ স্থাপন হোৱাই নহয়, আর্থিক দিশতো যথেষ্ট উদগনি যোগাব৷ কেন্দ্রীয় চৰকাৰৰ মূল লক্ষ্য হ’ল– ২০২৪ চনৰ পূর্বেই উত্তৰ–পূবৰ সকলো ৰাজ্যৰ ৰাজধানী ৰে’ল আৰু বিমান যোগাযোগেৰে সংযোগ কৰা৷

কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– সমগ্র উত্তৰ–পূবক লৈ কেন্দ্রীয় চৰকাৰে মুখ্যতঃ তিনিটা দিশত সর্বাধিক গুৰুত্ব দিছে৷ সেয়া হ’ল উত্তৰ–পূবৰ ভৌগলিক দিশ, ভাষা, সাহিত্য–সংস্কৃতি আৰু পৰম্পৰাক সংৰক্ষিত কৰি ইয়াক সমগ্র দেশলৈ আগুৱাই নিয়া৷ দ্বিতীয় হ’ল উত্তৰ–পূবৰ সকলো বিবাদ তথা সন্ত্রাসবাদ সমাপ্ত কৰি এক শান্তিপূর্ণ বাতাৱৰণ সৃষ্টি কৰা আৰু তৃতীয় হ’ল উত্তৰ–পূবক এক বিকশিত অঞ্চললৈ ৰূপান্তৰিত কৰা৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে উত্তৰ–পূবৰ বিকাশৰ বাবে বর্তমান যিসমূহ কাম চলি আছে, সেয়া বহুবছৰ পূর্বেই ৰূপায়ণ হ’ব লাগিছিল৷ কিন্তু বিভিন্ন ৰাজনৈতিক কাৰণত সেয়া হৈ নুঠিল৷ আজি উত্তৰ–পূবৰ ৰাজ্যসমূহৰ সহযোগত কেইবাটাও গুৰত্বপূর্ণ আঁচনি ৰূপায়ণ হৈছে৷ উত্তৰ–পূব দেশৰ এনে এক অঞ্চল, যাৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা খুবেই প্রয়োজন৷ নিৰাপত্তাৰ দিশতেই হওক বা সামগ্রিক বিকাশৰ ক্ষেত্রতেই হওক, যোগাযোগৰ উন্নত ব্যৱস্থা অবিহনে উত্তৰ–পূব উন্নয়নৰ দিশত দেশৰ অন্য প্রান্তৰ লগত সংযোগ হ’ব নোৱাৰিব৷ গৃহমন্ত্রীগৰাকীয়ে উত্তৰ–পূবৰ কৃষ্টি–সংস্কৃতিৰ দিশটো উল্লেখ কৰি কয় যে সমগ্র বিশ্বতে হয়তো উত্তৰ–পূবৰ দৰে সমৃদ্ধ সংস্কৃতি–পৰম্পৰা দেখিবলৈ পোৱা নাযায়৷ উত্তৰ–পূবৰ এই সংস্কৃতি–পৰম্পৰা আগুৱাই নিয়াটো কেন্দ্রীয় চৰকাৰৰ মূল লক্ষ্য৷

You might also like