আজি সন্মান ৰক্ষাৰ যুঁজত নামিব জিম্বাব’ৱেঃ হোৱাইট ৱাছ কৰাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ তিনিখনীয়া শৃংখলাৰ এখন মেচ বাকী থকা অৱস্থাতে ছিৰিজ জয় কৰা ভাৰতে আজি জিম্বাব’ৱেক হোৱাইট ৱাছ কৰাৰ লক্ষ্যৰে তৃতীয় তথা অন্তিমখন এদিনীয়াত অৱতীর্ণ হ’ব৷ প্রথম দুখন মেচত দমনীয় প্রদর্শন দাঙি ধৰা ৰাহুল বাহিনীয়ে আজিও ফেভাৰিট হিচাপেই খেলপথাৰত নামিব৷ ইয়াৰ বিপৰীতে ঘৰুৱা দল জিম্বাব’ৱেই অন্তিমখন মেচত জয়লাভ কৰি সন্মান ৰক্ষা কৰিবলৈ চেষ্টা চলাব৷ ইতিমধ্যে শৃংখলা দখল কৰা ভাৰতে জিম্বাব’ৱেক পর্যুদস্ত কৰি অহা বছৰ অনুষ্ঠিত হ’বলগা এদিনীয়া বিশ্বকাপৰ বাবে দলত অধিক পৰীক্ষা–নিৰীক্ষা চলোৱাৰ সম্ভাৱনা আছে৷
অৱশ্যে দীর্ঘদিনৰ পাছত দললৈ উভতি অহা অধিনায়ক কে এল ৰাহুলে বেটত ৰান নোপোৱাটো লক্ষণীয় বিষয় হৈ পৰিছে৷ প্রথমখন মেচত বেটিং কৰাৰ সুযোগ নোপোৱা ৰাহুলে দ্বিতীয়খন মেচত এক ৰান সংগ্রহ কৰিয়েই বিদায় লৈছিল৷ অৱশ্যে প্রথম শাৰীৰ বলাৰ নোহোৱা সত্ত্বেও ভাৰতৰ যুৱ বলাৰসকলে দর্শনীয় প্রদর্শন অব্যাহত ৰাখিছে৷ কালি অনুষ্ঠিত দ্বিতীয়খন মেচত ভাৰতীয় বলাৰসকলে ১৬১ ৰানতে ঘৰুৱা দলটোক বান্ধি ৰাখিবলৈ সক্ষম হয়৷ দীপক চহৰ, মহম্মদ ছিৰাজ, ছার্দুল ঠাকুৰ, প্রসিদ্ধ কৃষ্ণ আৰু অক্ষৰ পেটেল ভাৰতৰ সম্ভাৱনাপূর্ণ বিকল্প হৈ উঠিছে৷ প্রথমখন মেচত ১০ উইকেটত ভাৰতে জয়লাভ কৰাৰ পাছত কালি মেচখনত জিম্বাব’ৱেই পৰাজয়ৰ ব্যৱধান কিছু হ্রাস কৰিবলৈ সক্ষম হৈছে৷ আজি হাৰাৰে স্প’টছ কমপ্লেক্সত ঘৰুৱা দলটোৱে পৰাজয় ৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব৷