নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তি পৰীক্ষাত প্ৰট’কল ভংগৰ অভিযোগত শিলচৰত আটক কলেজ অধ্যক্ষ

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নিয়ম নীতি ভঙ্গৰ লগতে হেমাহিৰ অভিযোগত শিলচৰত আটক কলেজ অধ্যক্ষ ৷ কাছাৰ জিলাৰ উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে তৰা গোচৰৰ ভিত্তিত আটক কৰা হৈছে শিলচৰৰ ঐতিহ্যবাহী কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক ৷ জানিব পৰা মতে, ৰাজ্যখনৰ যোগ্য যুৱক-যুৱতীক স্বচ্ছভাৱে চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চেষ্টা চলোৱাৰ প্ৰথমদিনাই শিলচৰৰ কাছাৰ কলেজ পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্য তথা অধ্যক্ষগৰাকীয়ে চৰম গাফিলতি প্ৰদৰ্শন কৰে। দূৰ-দূৰণীৰ পৰা পৰীক্ষাৰ্থী এইদিনা কেন্দ্ৰটোত উপস্থিত হৈছিল যদিও পুৱা ৮ বজালৈ কাছাৰ কলেজৰ পৰীক্ষা কেন্দ্ৰ খোলা হোৱা নাছিল । তদুপৰি অধ্যক্ষ গৰাকীয়ে কোনো কৰ্মচাৰীৰ লগত যোগাযোগ কৰা নাছিল।

ইপিনে বেলা বাঢ়িবলৈ ধৰিলেও বাহিৰত অপেক্ষাৰত অৱস্থাত আছিল পৰীক্ষাৰ্থী‌ সকল‌ । পিছত খবৰ পাই কলেজত উপস্থিত হয় জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা। কিন্তু তেতিয়াও কলেজত উপস্থিত‌ হোৱা নাছিল অধ্যক্ষগৰাকী ।

এই সন্দৰ্ভত উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে কয়, পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অধ্যক্ষগৰাকীয়ে কোনো ধৰণৰ সহযোগ কৰা নাছিল। কাছাৰ কলেজ কেন্দ্ৰত ১২০০ গৰাকী পৰীক্ষাৰ্থী আছিল। নিয়ম-নীতি অনুসৰি পৰীক্ষাকেন্দ্রৰ গেট কেতিয়া খোলা হ’ব, কেতিয়া পৰীক্ষাৰ কোঠালী খোলা হ’ব, কেতিয়া ইনভেজিলেটৰ আহিব, কেতিয়া প্রশ্ন অনা হ’ব আৰু কেতিয়া
প্রশ্ন বিতৰণ কৰা হ’ব আদি সুনির্দিষ্ট
ভাবে উল্লেখ কৰা হৈছিল যদিও কাছাৰ কলেজৰ অধ্যক্ষই কোনো ধৰণৰ নিয়ম মনা নাছিল। এনে অভিযোগ পোৱাৰ পিছত উপায়ুক্তই অধ্যক্ষ নাথক ফোন কৰাৰ পিছত তেখেতে কথা কটাকটি কৰে।

You might also like