নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় মেচত ওমানৰে ১–১ গ’লত ড্র ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ শক্তিশালী ওমানৰ সৈতে ড্র খেলি ভাৰতে সুদীর্ঘ ১৫ মাহৰ বিৰতিৰ পিছত আন্তঃৰাষ্ট্রীয় ফুটবললৈ প্রত্যাৱর্তন ঘটাইছে৷ ডুবাইৰ মাকট’ম বিন ৰশ্বিদ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত বন্ধুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় মেচত সুনীল ছেত্রীবিহীন ভাৰতীয় ছিনিয়ৰ দলটোৱে ২০২২ৰ ফিফা অলিম্পিকলৈ যোগ্যতা অর্জন কৰা তাৰকাসমৃদ্ধ ওমানৰ বিৰুদ্ধে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়াই ১–১ গ’লত ড্র খেলিবলৈ সক্ষম হয়৷ ৪৩ মিনিটত চিংলেনচানাৰ আত্মঘাতী গ’লৰ সহায়ত ওমানে মেচখনত প্রথমটো অগ্রগতি লাভ কৰে৷ কিন্তু ভাৰতে দ্বিতীয়ার্ধত সুন্দৰ খেলেৰে গ’লটো পৰিশোধ কৰিবলৈ সক্ষম হয়৷ ৫৬ মিনিটত ভাৰতৰ হৈ গ’লটো কৰে মনবীৰ সিঙে৷

উল্লেখ্য যে ক’ভিডত আক্রান্ত হোৱাৰ বাবে দলটোৰ তাৰকা ষ্ট্রাইকাৰ তথা অধিনায়ক সুনীল ছেত্রীয়ে আজি ভাৰতৰ হৈ খেলপথাৰত নামিব পৰা নাই৷ প্রশিক্ষক ইগৰ ষ্টিমাকে ছগৰাকীকৈ নৱাগত খেলুৱৈক আজি খেলপথাৰত নমাৰ সুযোগ দিয়ে৷

উল্লেখ্য যে ফিফা ৰেংকিঙত সম্প্রতি ৮১সংখ্যক স্থানত থকা ওমানৰ হাতত ইয়াৰ পূর্বে ভাৰতে বিশ্বকাপৰ দুয়োখন কোৱালিফায়াৰত পৰাজয়ৰ সন্মুখীন হৈছিল৷ শক্তিশালী দলটোৰ বিৰুদ্ধে  ড্র খেলি যুৱ খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়৷ ফিফাৰ ৭৪সংখ্যক ৰেংকিংপ্রাপ্ত আন এক শক্তিশালী দল ইউ এ ইৰ বিৰুদ্ধে ভাৰতে অহা ২৯ মার্চত একেটা স্থানতে দ্বিতীয়খন মেচ খেলিব৷

You might also like