নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকা লিজেণ্ডক ১৪ ৰানত পৰাস্ত কৰি চেম্পিয়ন ইণ্ডিয়া লিজেণ্ড; বিস্ফোৰক যুৱৰাজ–ইউছুফ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া লিজেণ্ডে প্রথম বার্ষিক আনএকাডেমী ৰোড ছেফটী বিশ্ব ছিৰিজ টি–২০ ক্রিকেট প্রতিযোগিতাত চেম্পিয়নৰ সন্মান অর্জন কৰিছে৷ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতীয় দলটোৱে শ্রীলংকা লিজেণ্ডক ১৪ ৰানত পৰাস্ত কৰে৷ মেচখনত ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৮২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শ্রীলংকাই নির্ধাৰিত ২০ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৬৭ ৰানহে কৰে৷ দলটোৰ হৈ সনথ জয়সূর্যই সর্বাধিক ৪৩, চিনথাকা জয়াসিংঘেই ৪০ আৰু কৌশল্য ৱীৰাৰত্নেই ১৫ বলত ৩৮ ৰান কৰে৷

ভাৰতৰ হৈ ইউছুফ পাঠান আৰু ইৰফান পাঠান উভয়ে দুটাকৈ উইকেট লয়৷ইয়াৰ পূর্বে শ্রীলংকাৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও যুৱৰাজ সিং আৰু ইউছুফ পাঠানৰ বিস্ফোৰক বেটিঙৰ সহায়ত ইণ্ডিয়া লিজেণ্ডে নির্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেট হেৰুৱাই ১৮১ ৰান সংগ্রহ কৰে৷

যুৱৰাজে ৬০ ৰান কৰাৰ বিপৰীতে ইউছুফ পাঠানে ৬২ ৰান কৰি অপৰাজিত হৈ থাকে৷ বীৰেন্দ্র সেৱাগ আৰু অধিনায়ক শচীন তেণ্ডুলকাৰে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলক বিস্ফোৰক আৰম্ভণি দিয়াত ব্যর্থ হয়৷ দলীয় স্ক’ৰ ১৯ ৰানত সেৱাগে ১০ ৰান কৰি বিদায় লয়৷ সেৱাগ আউট হোৱাৰ কিছুসময় পিছতে সুব্রমনিয়ম বদ্রীনাথো পেভিলিয়নমুখী হয়৷ বদ্রীনাথে মাত্র ৭ ৰানহে কৰে৷ বদ্রীনাথ আউট হোৱাৰ সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ২ উইকেটত ৩৫ ৰান৷

অৱশ্যে অধিনায়ক শচীনে যুৱৰাজৰ সৈতে লগ লাগি তৃতীয় উইকেটৰ যুটিত ৩৮ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু পৰিমাণে ৰোধ কৰে৷ শচীনে ২৩টা বলত ৩০ ৰান কৰি বিদায় লয়৷

ইপিনে, যুৱৰাজে ইউছুফ পাঠানৰ সৈতে লগ লাগি বিস্ফোৰক বেটিঙেৰে দলক এক সন্মানজনক স্থিতিত উপনীত কৰায়৷ দুয়োৱে চতুর্থ উইকেটৰ যুটিত ৮৫ ৰান সংগ্রহ কৰে৷ ৬০ ৰানত আউট হোৱা যুৱৰাজৰ ৪১টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৪টা ছয়৷ ইপিনে, ৬২ ৰান কৰি অপৰাজিত হৈ থকা ইউছুফৰ ৩৬টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৫টা ছয়৷

You might also like