নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত আঞ্চলিক শক্তিৰ পক্ষত নামিব আছু

অৰাজনৈতিক আছুৰ কার্যনির্বাহকত ৰাজনৈতিক সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ  ৰাজ্যৰ বিধানসভা নির্বাচনত সক্রিয় ৰূপত নামি পৰিব সদৌ অসম ছাত্র সন্থা৷ অৰাজনৈতিক চৰিত্র সলনি কৰি ছাত্র সংগঠনটোৱে সমাগত নির্বাচনত আঞ্চলিক শক্তিৰ পক্ষে সর্বশক্তি প্রয়োগ কৰিব৷ দেওবাৰে অনুষ্ঠিত সদৌ অসম ছাত্র সন্থাৰ কার্যনির্বাহক বৈঠকত এই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়৷ দেওবাৰে সভাত গ্রহণ কৰা সিদ্ধান্তসমূহ আজি অনুষ্ঠিত হ’বলগীয়া প্রতিনিধি সভাত উত্থাপন কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্যৰ শিক্ষা–সংস্থাপনকে ধৰি শেহতীয়া ৰাজনৈতিক পৰিৱেশেও আজিৰ কার্যনির্বাহকৰ আলোচনাত স্থান পায়৷ দীঘলীয়া আলোচনাৰ অন্তত প্রতিটো ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ অসমবিদ্বেষী মনোভাবৰ পৰিপ্রেক্ষিতত অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক ধাৰাক শক্তিশালী কৰাৰ পক্ষত সংগঠনটোৰ নেতৃত্বই সহমত পোষণ কৰে৷ ইয়াৰ বাবে অহা সময়ছোৱাত সদৌ অসম ছাত্র সন্থাই প্রয়োজনীয় কার্যকৰী পদক্ষেপ গ্রহণ কৰিব৷

প্রণিধানযোগ্য যে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত ৰাজ্যত নতুনকৈ গঠন হৈছে এটা নতুন আঞ্চলিক দল– অসম জাতীয় পৰিষদ৷ দলটোৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিছে আছুৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ ৰাজনৈতিক দল গঠনক কেন্দ্র কৰিয়ে সংগঠনটোৰ তেতিয়াৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু সভাপতি–সাধাৰণ সম্পাদকৰ মাজত গভীৰ মতভেদৰ সৃষ্টি হৈছিল৷ দুলীয়াজান অধিৱেশনত এই সংঘাতে মুকলি ৰূপ লৈছিল৷ তাৰ পাছৰে পৰা ড০ সমুজ্জ্বল ভট্টাচার্যক পুনৰ উপদেষ্টা ৰূপে মনোনীত কৰাক লৈ অনিশ্চয়তাৰো সৃষ্টি হৈছিল৷ ড০ ভট্টাচার্যই মুখ্য উপদেষ্টা হিচাপে কার্যনির্বাহ কৰিবলৈ ৰাজহুৱা সন্মতি দিয়াৰ পাছতো বিষয়টো কার্যনির্বাহক সভাৰ অনুমোদনৰ বাবে এৰি দিছিল সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ অৱশেষত সকলো জল্পনা–কল্পনাৰ ওৰ পেলাই ড০ সমুজ্জ্বল ভট্টাচার্যক সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা হিচাপে মনোনীত কৰা হয়৷ লগতে প্রকাশ চন্দ্র দাস আৰু উদীপজ্যোতি গগৈক আছুৰ উপদেষ্টাৰ দায়িত্ব প্রদান কৰা হয়৷ ইয়াৰ বাহিৰেও উৎপল শর্মা আৰু বিনয় ডুবেক উপ–সভাপতি, প্রশান্ত দত্ত আৰু বেদান্ত শইকীয়াক সহকাৰী সাধাৰণ সম্পাদক, টচেন ডেকাক সাংস্কৃতিক সম্পাদক আৰু ৰাইফউদ্দিন আহমেদ আৰু দিব্যজ্যোতি মেধিক সাংগঠনিক সম্পাদক হিচাপে  কার্যনির্বাহকে মনোনীত কৰে৷

You might also like