নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ টি-২০ বিশ্বকাপৰ হাইভ’ল্টেজ ফাইনেল মেচ, সন্মুখ সমৰত ভাৰত-নিউজিলেণ্ড

ডিজিটেল ডেস্ক, ৭ মাৰ্চ : দীৰ্ঘদিনীয়া যুঁজৰ অন্তত কাইলৈ টি-২০ বিশ্বকাপৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব। ইতিমধ্যে ভাৰত আৰু নিউজিলেণ্ডে ফাইনেলত প্ৰৱেশ কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচখন।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচখনক লৈ ইতিমধ্যে অনুৰাগীৰ মাজত উত্তেজনা বিৰাজ কৰিছে । ফাইনেল মেচখনৰ পূৰ্বে প্ৰতিযোগিতাখনৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত আন্তঃৰাষ্ট্ৰীয় তাৰকায়ো অনুষ্ঠান পৰিৱেশন কৰিব ।

আই চি চিয়ে টি-২০ বিশ্বকাপ ২০২৬ৰ সামৰণী অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিব লগা কলা-কুশলীৰ তালিকা প্ৰকাশ কৰিছে, য’ত আন্তঃৰাষ্ট্ৰীয় পপ গায়ক ৰিকি মাৰ্টিনক অন্তৰ্ভুক্ত কৰা হৈছে। আইচিচিৰ আপডেটত ৰিকি মাৰ্টিনকে ধৰি তিনিজন গায়কৰ নাম সন্নিৱিষ্ট কৰা হৈছে । বাকী দুগৰাকী হৈছে ভাৰতীয় গায়ক সুখবীৰ আৰু ফাল্গুনী পাঠক ।

আইচিচিয়ে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে- “মঞ্চখন আৰু ডাঙৰ হৈ আহিছে ! টি-২০ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সামৰণী অনুষ্ঠানত সংগীতৰ কিংবদন্তি সুখবীৰ আৰু ফাল্গুনী পাঠকে অংশগ্ৰহণ কৰিব ! এই কিংবদন্তি শিল্পীসকলে ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ নিশাটোত অনুষ্ঠান পৰিৱেশন কৰিব, গতিকে গ্ল’বেল হিট আৰু দেশী গীতৰ বাবে সাজু হওক ।”

উল্লেখ্য যে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব ফাইনেল মেচখন । ইয়াৰ পূৰ্বে সন্ধিয়া ৫:৩০ বজাৰ পৰা সামৰণী অনুষ্ঠান আৰম্ভ হ’ব, য’ত তিনিওজন গায়কে অনুষ্ঠান পৰিৱেশন কৰিব ।

You might also like