নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াৰ বামুণবড়ীত বাংলা ইটাভাতাত প্ৰশাসনৰ বুলড’জাৰ

কামৰূপৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনকৈ গাঁৱত একাংশই কাঠফুলাৰ দৰে বহুদিনৰ পৰা অবৈধভাৱে চলাই আহিছে বাংলা ইটাৰ ব্যৱসায় | প্ৰতিবছৰে এবাৰ-দুবাৰ প্ৰশাসনে এই ইটা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ অভিযানৰ পাছতেই বন্ধ হোৱাৰ পৰিৱৰ্তে সংশ্লিষ্ট ব্যৱসায়ীয়ে দ্বিগুণ উদ্যমেৰে ব্যৱসায় অব্যাহত ৰখাহে পৰিলক্ষিত হয় |

আজি ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নন্দন নীলোৎপল ভাগৱতীৰ নেতৃত্বত আৰু মন্দিৰা আৰক্ষী চকীৰ এদল আৰক্ষী আৰু নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত বামুণবড়ী ২নং যোগীপাৰা (গেলাবড়ী)ত অবৈধ ইটা ভাতাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান চলে | জেচিবিৰ সহায়ত জ্বলি থকা ইটা ভাতা ভাঙিবলৈ ধৰে যদিও এই কাণ্ডত স্থানীয় একাংশ মহিলাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ ফলত প্ৰশাসন পিছহুঁহকিবলৈ একপ্ৰকাৰ বাধ্য হয় | অবৈধ বাংলা ইটা ব্যৱসায়ীয়ে প্ৰশাসনৰ কাৰ্যত বাধা দিয়া সন্দৰ্ভত স্থানীয় গাঁওপ্ৰধানে ছয়জন লোকৰ বিৰুদ্ধে গোচৰ তৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ইটা ভাতা ভাঙিবলৈ যোৱা আৰক্ষীৰ দলৰ সৈতে প্ৰতিবেশী হাড়িভাংগা অঞ্চলত স্থানীয় একাংশই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল | তেনেক্ষেত্ৰত আইন-প্ৰশাসনক কেৰেপ নকৰি ব্যৱসায়ী চক্ৰই বাহুবলেৰে এনে অবৈধ বেহা চলাই আছে নেকি বুলিও সচেতন ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ মাৰ্চ :

You might also like