নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

India vs England: প্রতীক্ষাৰ অৱসান, অৱশেষত ভাৰতীয় দলত সূর্যকুমাৰ

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ সূৰ্য্যকুমাৰ যাদৱে অৱশেষত দীঘলীয়া অপেক্ষা আৰু ভাল প্ৰদৰ্শনৰ লাভালাভ অৰ্জন কৰিলে। ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত এটাৰ পিছত এটা অসামান্য ইনিংছ খেলা স্বত্বেও ভাৰতীয় দলত বাদ পৰি ৰৈছিল এইগৰাকী প্ৰতিভাৱান খেলুৱৈ।

যোৱা আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা সূৰ্যকুমাৰক ভাৰতীয় নিৰ্বাচকসকলেও অষ্ট্ৰেলিয়া ভ্ৰমণৰ সুযোগ দিয়া নাছিল। কিন্তু অৱশেষত অপেক্ষা শেষ হৈছে। প্ৰতিভাশালী ক্ৰিকেটাৰজনে ভাৰতীয় দলত আত্মপ্ৰকাশ কৰিবলৈ মাত্ৰ কিছু ক্ষণ বাকী আছে। ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ৫ খন খেলৰ টি-২০ শৃংখলাত তেওঁৰ লগতে আন কেইবাজনো উদীয়মান ক্ৰিকেটাৰে স্থান লাভ কৰিছে।

উল্লেখ্য যে টি-২০ শৃংখলাটোৰ আটাইকেইখন খেলেই অনুষ্ঠিত হ’ব আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত।

You might also like