নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইডেনত আজি ৱেষ্ট ইণ্ডিজৰে মৰণপণ যুঁজ ভাৰতৰ

ডিজিটেল ডেস্ক, ১ মাৰ্চ : অংকৰ কোনো জটিলতা নাই৷ ইডেন গার্ডেনত আজি অনুষ্ঠিত হ’বলগীয়া চলিত টি–২০ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলসদৃশ মেচখনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিব পাৰিলেই প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্রৱেশ কৰিব ঘৰুৱা দল টীম ইণ্ডিয়াই৷ অৱশ্যে, সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ভালদৰে জানে যে কেৰিবিয়ান দলটোৰ বিৰুদ্ধে যুঁজখন সহজ নহ’ব৷

ছিমৰন হেটমায়াৰ, শ্বেৰফান ৰাডাৰফ’ৰ্ড, ৰোমাৰিঅ’ শ্বেফার্ড, ৰ’ভমান পাৱেল, জেছন হল্ডাৰৰে গঠিত ৱেষ্ট ইণ্ডিজ দলটোৰ বেটিং লাইনআপ সঁচাকৈয়ে ভয়ংকৰ৷ আজি খেলখনৰ বাবে ভাৰতীয় দলটোৰ আত্মবিশ্বাস তুংগত আছে৷ শেহতীয়া মেচখনত জিম্বাব’ৱেক পৰাস্ত কৰি আত্মবিশ্বাস বৃদ্ধি পোৱা ভাৰতীয় দলটোৱে আজিৰ মৰণপণ যুঁজ মেচখনক লৈ সম্পূর্ণৰূপে সাজু আছে বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে কোৱার্টাৰ ফাইনেলসদৃশ এই মেচখনত দলটোৰ মূল একাদশত কোনো সালসলনি হোৱাৰ সম্ভাৱনা নাই৷ জিম্বাব’ৱেৰ বিপক্ষে খেলা মেচখনত দলটোৰ আটাইকেইগৰাকী বেটাৰে উন্নত প্রদর্শন দাঙি ধৰিছে৷

সঞ্জু ছেমছনৰ প্রত্যাৱর্তনে দলটোৰ বেটিং লাইনআপ শক্তিশালী কৰি তুলিছে বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে এই মেচখনত বিজয় সাব্যস্ত কৰিবলৈ হ’লে বলাৰসকলে কিছু উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ আশা কৰিছোঁ- বলাৰসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷

ইফালে, ভাৰতীয় দলটোৰ প্রশিক্ষক গৌতম গম্ভীৰে ইডেনৰ উইকেটক লৈ সন্তুষ্টি প্রকাশ কৰিছে৷ ইডেনৰ উইকেটে বেটাৰক অধিক সহায় কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি প্রশিক্ষক গম্ভীৰে কয় যে এই মেচখন সঁচাকৈয়ে ৰোমাঞ্চকৰ হ’ব৷ কিয়নো ৱেষ্ট ইণ্ডিজৰ বেটিং লাইনআপ শক্তিশালী৷ আমাৰো বেটিং কম শক্তিশালী নহয়৷ সেয়েহে মেচখন কঠিন হ’ব৷ ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমিফাইনেলত প্রৱেশ কৰাই প্রধান লক্ষ্য বুলি মন্তব্য কৰে প্রশিক্ষকগৰাকীয়ে৷

ইফালে, পিতৃৰ বিয়োগৰ পিছত কালি ভাৰতীয় দলটোত যোগদান কৰে ৰিংকু সিঙে৷ শুকুৰবাৰে পিতৃৰ বিয়োগৰ পিছত ৰিংকু সিঙে ঘৰলৈ উভতিছিল যদিও দেশপ্রেমৰ নিদর্শন দাঙি ধৰি ৰিংকু সিঙে কালি দলটোত যোগদান কৰিছে৷ খেলৰ সময় : নিশা ৭ বজা৷

You might also like