ইৰানৰ ছুপ্ৰিম লীডাৰ আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু
ডিজিটেল ডেস্ক, ১ মাৰ্চ : ইৰানত ইজৰাইল-আমেৰিকাৰ যৌথ আক্ৰমণৰ মাজতে আহিছে এক ডাঙৰ খবৰ। ইৰানৰ ছুপ্ৰিম লীডাৰ আয়াতুল্লাহ আলী খামেইনিৰ এই আক্ৰমণত মৃত্যু হোৱা বুলি ট্ৰাম্পে দাবী কৰাৰ পিছতে ইৰানৰ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় সংবাদ সংস্থাই এতিয়া আনুষ্ঠানিকভাৱে ইৰানৰ ছুপ্ৰিম লীডাৰ আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু নিশ্চিত কৰিছে।
ট্ৰাম্প আৰু ইজৰাইলৰ এই দাবীৰ পিছত ইৰানৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাই আনুষ্ঠানিকভাৱে আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু নিশ্চিত কৰিছে। শনিবাৰে আক্ৰমণৰ সময়ত খামেইনি নিজৰ কাৰ্যালয়ত আছিল । ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এক বিবৃতিত খামেইনিৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সংগঠনটোৱে তেওঁৰ মৃত্যুক “সন্মানজনক শ্বহীদ” বুলি অভিহিত কৰি তেওঁৰ পথ অব্যাহত থাকিব বুলি কয় ।
উল্লেখ্য যে ৮৬ বছৰীয়া আয়াতুল্লাহ আলী খামেইনিৰ কাৰ্যকালতেই ইৰানে নিজৰ পাৰমাণৱিক কাৰ্যসূচী আগুৱাই লৈ গৈছিল আৰু আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত বৃদ্ধি কৰিছিল । তেওঁ ৰিভল্যুচনেৰী গাৰ্ড আৰু আঞ্চলিক প্ৰক্সি নেটৱৰ্ক শক্তিশালী কৰিছিল যদিও অৰ্থনৈতিক সংকট আৰু দমনৰ ফলত দেশত বৃহৎ প্ৰতিবাদৰ সৃষ্টি হয় । ১৯৮৯ চনত আয়াতুল্লাহ ৰুহোল্লাহ খামেইনিৰ মৃত্যুৰ পিছত খামেইনিয়ে ক্ষমতা দখল কৰি ইছলামিক ৰিপাব্লিকক নতুন ৰূপ দিয়ে ।