টি-২০ বিশ্বকাপত আজি নেদাৰলেণ্ডছৰে মুখামুখি টীম ইণ্ডিয়াৰ
জয়ৰ হেট্ট্রিক অর্জন কৰি চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ–৮ত স্থান নিশ্চিত কৰাত ভাৰতে আজি গ্রুপ ‘এ’ৰ অন্তিমখন মেচত নেদাৰলেণ্ডছৰ মুখামুখি হ’ব৷ মেচখন ভাৰতীয় দলটোৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয় যদিও ছুপাৰ–৮ৰ প্রতি লক্ষ্য ৰাখি মেচখনত গুৰুত্ব প্রদান কৰিছে সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷
এই মেচখন অভিষেক শর্মাৰ বাবেই বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ’ব৷ কাৰণ, পেটৰ অসুখৰ বাবেই প্রথম দুখন মেচত অংশ লোৱাৰ পৰা বিৰত থকা বিস্ফোৰক অ’পেনাৰগৰাকীয়ে দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত দললৈ প্রত্যাৱর্তন কৰিছিল যদিও কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হৈছিল৷
গতিকে, ছুপাৰ–৮ৰ পূর্বে নিজৰ ছন্দ ঘূৰাই অনাৰ বাবে অভিষেকে মেচখন গুৰুত্বসহকাৰে লৈছে৷ মেচখনত তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহক বিশ্রাম দিয়া হ’ব৷
ইফালে, মূল একাদশলৈ পুনৰ উভতিব অর্শদীপ সিং৷ পাকিস্তানৰ বিপক্ষে খেলা মেচখনত অর্শদীপে মূল একাদশত স্থান লাভ কৰা নাছিল৷ ইফালে, বৰুণ চক্রৱর্তী আৰু অক্ষৰ পেটেলে মেচখনত স্পীনাৰৰ দায়িত্ব পালন কৰিব৷
আনহাতে, মেচখনত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনৰ পৰা বিদায় লোৱাৰ লক্ষ্য লৈছে নেদাৰলেণ্ডছে৷ দলটোৱে তিনিখন মেচ খেলি এখনত জয় আৰু দুখনত পৰাজিত হৈ গ্রুপ ‘এ’ৰ পইণ্ট তালিকাৰ চতুর্থ স্থানত আছে৷
খেলৰ সময়ঃ নিশা ৭ বজাত৷
ডিজিটেল ডেস্ক, ১৭ ফেব্রুৱাৰী