নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত, অন্তিম টেষ্টত ধৰাশায়ী ইংলেণ্ড

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ আশা অনুসৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত সোমাল দল ইণ্ডিয়া। কোহলী ব্ৰিগেডে আকৌ এবাৰ ব্ৰিটিছক পৰাজয় কৰাৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান লাভ কৰে ভাৰতে।

ইংলেণ্ডৰে হোৱা টেষ্ট শৃংখলাটোৰ প্ৰথমখন খেলত পৰাজিত হোৱাৰ পিছত একেৰাহে তিনিখন টেষ্ট জিকি কোহলীয়ে পৰৱৰ্তী জুনত ফাইনেলত কিৱিসকলৰ সন্মুখীন হ’ব।

উল্লেখ্য, আজি ২৫ ৰানত অন্তিম দিনাৰ টেষ্টত হৰুৱাই ব্ৰিটিছ দলটোক। ১৩৫ ৰানতে অলআউট হয় ইংলেণ্ডৰ খেলুৱৈ। ভাৰতে মুঠ ৩৬৫ ৰান কৰি ১৬০ ৰানৰ লীড লোৱাৰ পিছত ইংলেণ্ডে মাত্ৰ ১৩৫ ৰানতে অলআউট হয়। অক্ষৰ পেটেলে ৫ উইকেট দখল কৰাৰ লগতে ৰবিচন্দ্ৰন অশ্বিনেও ৫ উইকেট দখল কৰি ইংলেণ্ড দলটোক পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰায়।

You might also like