নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ৰ পৰা খালী হাতে উভতিল ভাৰতীয় শ্বুটাৰ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ ক’ৰোনাৰ আতংকৰ মাজতে পূর্ণগতিত চলি থকা টকিঅ’ অলিম্পিকত সম্পূর্ণৰূপে ব্যর্থ হয় ভাৰতীয় শ্বুটাৰ৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনৰ মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনত দুর্বল প্রদর্শন আগবঢ়ায় ভাৰতৰ ঐশ্বর্য প্রতাপ সিং ট’মাৰ আৰু সঞ্জীৱ ৰাজপুতে৷

আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ইভেণ্টটোৰ ফাইনেললৈ উন্নীত হোৱাত ব্যর্থ ট’মাৰ আৰু ৰাজপুতে৷ কোৱালিফিকেচন ৰাউণ্ডত ট’মাৰে ২১সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে তৃতীয়খন অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰা ৰাজপুতে ৩২সংখ্যক স্থানহে লাভ কৰিবলৈ সক্ষম হয়৷ দুয়োগৰাকী শ্বুটাৰৰ ব্যর্থতাৰ পিছত টকিঅ’ অলিম্পিকৰ পৰা খালী হাতে উভতিবলগীয়া হয় ভাৰতীয় শ্বুটাৰ বাহিনী৷

মন কৰিবলগীয়া যে ক্রমাগত দ্বিতীয়খন অলিম্পিকত ভাৰতীয় শ্বুটাৰ পদক জয় কৰাত ব্যর্থ হয়৷ ইয়াৰ পূর্বে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকতো ভাৰতীয় শ্বুটাৰে পদক দখল কৰাত ব্যর্থ হৈছিল৷

You might also like