নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক স্পনছৰ কৰিব ইন’ক্স গ্রুপে

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ মহামাৰী ক’ভিড–১৯ৰ বাবে ২০২১ৰ ২৩ জুলাইলৈ পিছুওৱা টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ অফিচিয়েল স্পনছৰ হ’ব ইন’ক্স গ্রুপ৷ ভাৰতীয় অলিম্পিক সন্থাই আজি এই কথা সদৰী কৰে৷ ‘ইন’ক্স গ্রুপৰ সৈতে আমাৰ অংশীদাৰিত্বই দেশৰ সকলো এথলীট আৰু ক্রীড়া সংগঠনসমূহক লাভান্বিত কৰিব৷

বর্তমানৰ আর্থিক মন্থৰতাৰ সময়তো কোম্পানীটোৱে ভাৰতীয় এথলীটসকলৰ সৈতে জড়িত হ’বলৈ আগবাঢ়ি অহাৰ বাবে মই ইন’ক্স গ্রুপক ধন্যবাদ জনাইছোঁ৷’– অলিম্পিক সন্থাৰ সাধাৰণ সচিব ৰাজীৱ মেহতাই এইদৰে কয়৷ উল্লেখ্য যে ইয়াৰ পূর্বেও ইন’ক্স গ্রুপে টেবুল টেনিছ, ফুটবল, বেডমিণ্টন, বাস্কেটবল আৰু ক্রিকেটৰ সৈতে জড়িত হৈছিল৷ মন কৰিবলগীয়া যে চলিত বর্ষত অনুষ্ঠিত হ’বলগীয়া টকি’ অলিম্পিক মহামাৰীৰ বাবে এবছৰলৈ পিছুৱাই দিয়া হৈছে৷

You might also like