সুদীর্ঘ ১১ মাহৰ মূৰত ভাৰতত আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে বিগত প্রায় ১১ মাহ ধৰি ভাৰতত অনুষ্ঠিত হোৱা নাই কোনোধৰণৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট৷ স্তব্ধ হৈ থকা ভাৰতীয় ক্রীড়াক্ষেত্রখন কাইলৈৰ পৰা পুনৰ মুকলি হ’ব৷ ভাৰত আৰু ইংলেণ্ডৰ মাজত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টৰ জৰিয়তে সুদীর্ঘ ১১ মাহৰ মূৰত দেশলৈ উভতিব আন্তঃৰাষ্ট্রীয় ক্রিকেট৷
উল্লেখ্য যে ২০২০ৰ মার্চত অন্তিমটো দল হিচাপে ভাৰত ভ্রমণলৈ আহিছিল দক্ষিণ আফ্রিকা৷ দুয়োটা দলে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাগ লোৱাৰ কথা আছিল যদিও ক’ভিডৰ সংক্রমণৰ বাবে সম্ভৱ নহ’ল৷ ধৰমশালাত বৰষুণৰ বাবে প্রথমখন এদিনীয়া পৰিত্যক্ত হোৱাৰ পিছতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দেশত ক্রমাৎ বৃদ্ধি হোৱা ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শৃংখলাটো স্থগিত ৰাখিছিল৷ ইয়াৰ পিছতে আৰম্ভ হোৱা লকডাউনত ক্রিকেটাৰসকল ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হয়৷ ছেপ্ঢেম্বৰত আই পি এল খেলিবলৈ টীম ইণ্ডিয়াৰ তাৰকাসকল ইউনাইটেড আৰব এমিৰেটছলৈ উৰা মাৰে৷ ইয়াৰ পিছতে অষ্ট্রেলিয়াত শেহতীয়াকৈ ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰি দলটো দেশলৈ উভতি আহিছে৷ কাইলৈৰ পৰা ঘৰৰ মাটিত টীম ইণ্ডিয়াই আন্তঃৰাষ্ট্রীয় ক্রিকেটত পুনৰ ব্যস্ত সূচী আৰম্ভ কৰিব৷