নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত পাঁচ দিনৰ মূৰে মূৰে ক’ৰোনা টেষ্টৰ সন্মুখীন হ’ব খেলুৱৈ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ ইউএইত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ লীগ আইপিএলত খেলিবলৈ আগ্রহেৰে অপেক্ষা কৰি থকা খেলুৱৈসকলে খেলপথাৰত নমাৰ পূর্বে অতিকমেও পাঁচবাৰ ক’ৰোনা টেষ্টৰ সন্মুখীন হ’ব লাগিব৷ বিচিচিআয়ে প্রস্তুত কৰা নীতি–নির্দেশনা অনুসৰি অনুশীলনত নমাৰ পূর্বে প্রতিগৰাকী খেলুৱৈৰ অতিকমেও পাঁচবাৰ ক’ৰোনা টেষ্ট সম্পন্ন কৰা হ’ব৷ এই পাঁচবাৰৰ টেষ্টত নিগেটিভ হোৱাৰ পিছত খেলুৱৈগৰাকীক আইপিএলৰ মেচত খেলাৰ অনুমতি দিয়া হ’ব৷ আইপিএল চলি থকাৰ মাজতো প্রত্যেক পাঁচ দিনৰ মূৰে মূৰে ক’ৰোনা টেষ্টৰ সন্মুখীন হ’ব লাগিব খেলুৱৈসকল৷ ‘ইউএইত উপস্থিত হোৱাৰ পূর্বে প্রতিগৰাকী খেলুৱৈ আৰু ছাপ’ট ষ্টাফৰ দুটাকৈ ক’ৰোনা টেষ্ট সম্পন্ন হ’ব৷ নিগেটিভসকলে ইউএইলৈ উৰা মৰাৰ অনুমতি পাব আৰু তাত খেলুৱৈসকল এসপ্তাহ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ এই সময়ছোৱাত তেওঁলোকৰ তিনিটা ক’ভিড টেষ্ট সম্পন্ন কৰা হ’ব৷ খেলুৱৈ আৰু কর্মকর্তাৰ স্বাস্থ্য সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এই কঠোৰ নীতি–নির্দেশনা বলৱৎ কৰা হৈছে৷’– ব’ৰ্ডৰ এক সূত্রই এইদৰে কয়৷ সূত্রটোৱে লগতে কয় যে ইউএইত প্রথমটো সপ্তাহত খেলুৱৈ আৰু দলীয় কর্মকর্তাসকলে হোটেলত পৰস্পৰক সাক্ষাতৰ অনুমতি নাপাব৷ তিনিটা ক’ৰোনা টেষ্টত নিগেটিভ অহাৰ পিছতহে তেওঁলোকে ইজনে সিজনক সাক্ষাৎ কৰিব পাৰিব আৰু অনুশীলনত অংশ লোৱাৰ সুযোগ পাব৷ ইফালে, বিদেশৰ খেলুৱৈসকলৰ ক্ষেত্রতো একেই ব্যৱস্থা গ্রহণ কৰা হ’ব৷ বিভিন্ন দেশৰ পৰা ইউএইলৈ উৰা মৰাৰ পূর্বে খেলুৱৈ আৰু দলীয় কর্মকর্তাৰ দুটা ক’ভিড টেষ্ট সম্পন্ন হ’ব৷ টেষ্টত নিগেটিভ আহিলেহে তেওঁলোকে ইউএইলৈ যোৱাৰ অনুমতি লাভ কৰিব৷ উল্লেখ্য যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দেওবাৰে গৱর্নিং বডীৰ বৈঠকত ফেঞ্চাইজীসকলক ২০ আগষ্টৰ পিছতহে ইউএইলৈ উৰা মৰাৰ আহ্বান জনাইছে৷

You might also like