আজিৰ পৰা বহুপ্ৰত্যাশিত IPL-2026
বছৰজোৰা প্রতীক্ষাৰ অন্ত৷ আজিৰ পৰা আৰম্ভ হ’ব বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতা আইপিএলৰ ১৯সংখ্যক সংস্কৰণ৷ উদ্যোগপতি, চেলিব্রিটী আৰু তাৰকা ক্রিকেটাৰেৰে সমৃদ্ধ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ আজিৰ উদ্বোধনী মেচখনত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু ছানৰাইজার্ছ হায়দৰাবাদ৷
এই উদ্বোধনী মেচখনত, বিশেষকৈ মূল যুঁজ হ’ব টীম ইণ্ডিয়াৰ দুই সতীর্থ বিৰাট কোহলি আৰু ঈশান কিশনৰ মাজত৷ মন কৰিবলগীয়া যে স্থায়ী অধিনায়ক পেট কামিনছৰ অনুপস্থিতিত ঈশানে ছানৰাইজার্ছক নেতৃত্ব দিব৷
অৱশ্যে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই হাইভ’ল্টেজ মেচখনৰ পূর্বে অনুৰাগীয়ে বর্ণিল উদ্বোধনী অনুষ্ঠান উপভোগৰ পৰা বঞ্চিত হ’ব৷ বিগত বর্ষত আৰচিবিয়ে চেম্পিয়ন হোৱাৰ পিছত দলটোৰ বিজয় উদ্যাপনৰ সময়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশত ১১জন লোকে প্রাণ হেৰুৱাইছিল আৰু তেওঁলোকলৈ শ্রদ্ধা জনাই বিচিচিআয়ে এইবাৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷
ইফালে, উক্ত ঘটনাত মৃত্যু হোৱা লোককেইজনৰ প্রতি শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে মেচখনত ১ মিনিট সময় মৌনতা অৱলম্বন কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে ষ্টেডিয়ামখনত ১১খন আসনো খালী ৰাখিব বিচিচিআয়ে৷
বর্ণিল উদ্বোধনী অনুষ্ঠান বাতিল হ’লেও অনুৰাগীয়ে মেচখন উপভোগ কৰাৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে৷ ইপিনে, মেচখনৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে চিন্নাস্বামী ষ্টেডিয়াম৷ মেচখনৰ সময়ত যাতে অনুৰাগীয়ে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগে তাৰ প্রতি লক্ষ্য ৰাখি আয়োজকে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷
এই মেচখনক ইতিমধ্যে দেশৰ ক্রিকেট অনুৰাগী অধিৰ আগ্রহেৰে বাট চাই আছে৷ উল্লেখ্য যে এতিয়ালৈকে আৰচিবি আৰু ছানৰাইজার্ছ হায়দৰাবাদ ২৫খন মেচত মুখামুখি হৈছে আৰু ইয়াৰে ১১খন মেচত আৰচিবি জয়ী হোৱাৰ বিপৰীতে ১৩খন মেচত ছানৰাইজার্ছ জয়ী হৈছে৷
মাত্র এখন মেচ অমীমাংসিত হয়৷ মন কৰিবলগীয়া যে এইবাৰ আইপিএলৰ সর্বমুঠ মেচৰ সংখ্যা হৈছে ৮৪খন৷ ইয়াৰে ৭০খন হ’ব লীগ পর্যায়ৰ মেচ৷ দেশৰ ১৩খন চহৰত অনুষ্ঠিত হ’ব এইবাৰৰ আইপিএলৰ মেচ৷ প্রায় দুমাহ ধৰি চলিব আইপিএলৰ মহাৰণ৷
খেলৰ সময়ঃ নিশা ৭.৩০ বজা৷
ডিজিটেল ডেস্ক, ২৮ মার্চ