অসম বিধান সভাৰ ১২৬খন আসনৰ বাবে মুঠ ৭২২গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ নির্বাচনৰ বাবে মনোনয়ন–পত্র প্রত্যাহাৰৰ অন্তিম দিন উকলি যোৱাৰ পিছত এই ৭২২গৰাকী প্রার্থীয়ে আনুষ্ঠানিকভাৱে নির্বাচনৰ প্রচাৰ অভিযান চলাইছে৷
অৱশ্যে কংগ্রেছ–বিজেপি–অগপকে ধৰি প্রতিটো ৰাজনৈতিক দলৰ প্রতিগৰাকী প্রার্থীয়েই দলীয় প্রার্থিত্ব লাভ কৰাৰ পিছতে নিজ নিজ সমষ্টিত নিজৰ প্রচাৰ কার্য আৰম্ভ কৰে৷ অহা ৯ এপ্রিলত হ’ব লগা ভোটগ্রহণৰ পূর্বে দলীয় প্রার্থিত্ব লাভ কৰাসকলৰ লগতে নির্দলীয় প্রার্থীসকলেও জোৰদাৰ প্রচাৰ অভিযান চলাইছে৷
দলীয় অসন্তুষ্টি–বিসম্বাদ আদি আওকাণ কৰি দলসমূহেও নিজ নিজ প্রার্থীসকলক প্রচাৰ অভিযানত সহযোগ কৰিছে৷ এনে প্রেক্ষাপটত ৰাজ্যৰ নির্বাচনী প্রচাৰ তুংগত উঠিছে আৰু শাসক–বিৰোধীৰ সমালোচনা–প্রতিসম মুখৰ হৈ পৰিছে প্রার্থীসকল৷ ২০২৬ৰ নির্বাচনত জয়ী হৈ আগন্তুক পাঁচ বছৰৰ বাবে ক্ষমতাৰ গাদী দখলৰ বাবে পৰস্পৰৰ বিৰুদ্ধে সমুখসমৰত থিয় হৈছে বহুকেইগৰাকী শাসক–বিৰোধীৰ ৰথী–মহাৰথী৷
শাসক–বিৰোধীৰ এইসকল ৰথী–মহাৰথীৰ যুঁজে ভোটাৰ ৰাইজৰো দৃষ্টি কাঢ়িছে৷ বিশেষকৈ সন্মানীয় দিছপুৰ বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ প্রার্থী প্রাক্তন সাংসদ প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে কংগ্রেছৰ মীৰা বৰঠাকুৰৰ নির্বাচনী যুঁজক লৈ গভীৰ উৎকণ্ঠা বাঢ়িছে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ৷
বিশেষতঃ নির্বাচনৰ প্রার্থী তালিকা ঘোষণাৰ কিছুদিন পূর্বে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্রদ্যুৎ বৰদলৈয়ে এসময়ৰ সহযোগী দলীয় নেতা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে অৱতীর্ণ হোৱাৰ পিছত দুই প্রার্থীৰ যুঁজ হ’ব মন কৰিবলগীয়া৷ এইবাৰৰ নির্বাচনত আন এক প্রত্যাহ্বানমূলক আকর্ষণীয় যুঁজ হ’ব যোৰহাট বিধানসভা সমষ্টিত৷
যোৰহাটত এইবাৰ অৱতীর্ণ হৈছে প্রদেশ কংগ্রেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু বিজেপিৰ হৈ অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা সমষ্টিটোৰ কেইবাৰৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামী৷ পৰস্পৰক আক্রমণ–প্রত্যাক্রম বিপৰীতে দুয়োগৰাকী প্রার্থীৰ ভদ্র আচৰণে নির্বাচনৰ ফলাফলত কি প্রভাৱ পেলাব সেয়া বর্তমানেও ধূসৰ আৰু অস্পষ্ট৷ এইবাৰ নির্বাচনত অৱতীর্ণ হৈছে আন এগৰাকী বর্ষীয়ান ৰাজনীতিক চন্দ্রমোহন পাটোৱাৰী৷
পূর্বৰ ধর্মপুৰ তথা বর্তমানৰ টিহুৰ বিজেপি প্রার্থী চন্দ্রমোহন পাটোৱাৰীয়ে অগপ আমোলৰ পৰা কেইবাবাৰো বিধায়ক হিচাপে নির্বাচিত হোৱাৰ লগতে বিজেপিৰ সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভাত মন্ত্রী হিচাপে কার্যনির্বাহ কৰিছে৷ এইবাৰ টিহুত তেওঁৰ বিৰুদ্ধে অৱতীর্ণ হৈছে কংগ্রেছৰ যুৱ নেতা ৰাতুল পাটোৱাৰী৷
এইবাৰ বিধানসভা নির্বাচনৰ আন এটা চর্চিত সমষ্টি হৈছে বিহপুৰীয়া বিধান সভা সমষ্টি৷ সমষ্টিটোত বিজেপিৰ প্রার্থী হৈ অৱতীর্ণ হৈছে প্রাক্তন বিধায়ক ভূপেন কুমাৰ বৰা৷ ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে অৱতীর্ণ হৈছে এসময়ত তেওঁৰে ঘনিষ্ঠ সহযোগী কংগ্রেছৰ নাৰায়ণ ভূঞা৷ নাৰায়ণ ভূঞাই এইবাৰ প্রথমবাৰৰ বাবে নির্বাচনত অৱতীর্ণ হৈছে৷
ৰাজ্য ৰাজনীতিত অভিজ্ঞ ভূপেন কুমাৰ বৰাৰ সন্মুখত কংগ্রেছৰ প্রার্থীগৰাকী তিস্তি থাকিবনে সেইলৈ এতিয়া সমষ্টিটোত চলিছে ব্যাপক চর্চা৷ বহু হাইপ্রফাইল নেতাই প্রতিদ্বন্দ্বিতা কৰা এহবাৰৰ নির্বাচনত বিন্নাকান্দি সমষ্টিত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, খোৱাং বিধানসভা সমষ্টিৰ পৰা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, জালুকবাৰী সমষ্টিৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, বিজেপিৰ কুশল দুৱৰী, অগপৰ প্রদীপ হাজৰিকা, জাগীৰোড বিধানসভা সমষ্টিত বিজেপিৰ প্রার্থী মন্ত্রী পীয়ূষ হাজৰিকা, কংগ্রেছৰ বুবুল দাস, নলবাৰীত জয়ন্ত মল্ল বৰুৱা আদিকে ধৰি বহুকেইগৰাকী প্রার্থী অৱতীর্ণ হৈছে৷
উল্লেখ্য যে এইবাৰৰ নির্বাচনত সর্বমুঠ ৫৯গৰাকী মহিলা প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ তাৰ ভিতৰত কংগ্রেছৰ মীৰা বৰঠাকুৰ, নন্দিতা দাস, শাসকীয় বিজেপিৰ গোলাঘাটৰ প্রার্থী মন্ত্রী অজন্তা নেওগ, দলগাঁৱত কৃষ্ণা সাহা, মঙলদৈত নির্মালি দেৱীয়ে প্রধান৷ আনহাতে এইবাৰ ৯টা বিধানসভা সমষ্টিত দ্বি–কোণীয়া প্রতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈছে৷
৩১নং ৰঙিয়া, ৫২নং জাগীৰোড, ৬৩নং হোজাই, ৬৯নং নদুৱাৰ, ৮০নং জোনাই, ৮২নং ডুমডুমা, ৯৪ নং মাহমৰা, ৯৯ টীয়ক আৰু ১১৪ নং লক্ষীপুৰ বিধানসভা সমষ্টিত এইবাৰ হ’ব দ্বি–কোণীয়া প্রতিদ্বন্দ্বিতা৷
ৰঙিয়া সমষ্টিত বিজেপিৰ ভৱেশ কলিতাৰ বিপৰীতে কংগ্রেছৰ প্রাণজিৎ চৌধুৰী, জাগীৰোডত মন্ত্রী পীয়ূষ হাজৰিকাৰ বিপৰীতে কংগ্রেছৰ বুবুল দাস, হোজাইত শিলাদিত্য দেৱৰ বিপৰীতে কংগ্রেছৰ ঝিলী চৌধুৰী, নদুৱাৰত বিজেপিৰ পদ্ম হাজৰিকাৰ বিপৰীতে কংগ্রেছৰ সুনীল চেত্রী, ডুমডুমাত বিজেপিৰ ৰূপেশ গোৱালাৰ বিপৰীতে কংগ্রেছৰ দুর্গা ভূমিজ, মাহমৰাত সুৰজ দিহিংগীয়াৰ বিপৰীতে কংগ্রেছৰ জ্ঞানদীপ মহন, জোনাইত ভুবন পেগুৰ বিপৰীতে কংগ্রেছৰ ৰাজু কুমাৰ মেদক আৰু লক্ষীপুৰত মন্ত্রী কৌশিক ৰয়ৰ বিপৰতে কংগ্রেছৰ শান্তি কুমাৰ সিনহাই প্রতিদ্বন্দ্বিতা কৰিছে৷
স্মর্তব্য যে এইবাৰ ১১২ নং আলগাপুৰ–কাটলিচেৰা আৰু ১২৪নং দক্ষিণ কৰিমগঞ্জ সমষ্টিত সর্বাধিক ১৫জনকৈ প্রার্থী অৱতীর্ণ হৈছে৷
ডিজিটেল ডেস্ক, ২৮ মার্চ