৬৬ বছৰৰ পিছত ৰঞ্জিৰ ফাইনেলত জম্মু-কাশ্মীৰ
জম্মু-কাশ্মীৰৰ ক্ৰিকেট দলে ইতিহাস ৰচি ৬৬ বছৰৰ পিছত ৰঞ্জি ট্ৰফীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ছেমিফাইনেল মুখামুখিত দলটোৱে নিজৰ গৃহ খেলপথাৰত বংগক ৬ উইকেটত পৰাস্ত কৰি এই ডাঙৰ সফলতা অৰ্জন কৰে। এই বিজয়ৰ সৈতে ৰাজ্যজুৰি আনন্দৰ ধল দেখা গৈছে।
Jammu & Kashmir Cricket Association (JKCA) গঠনৰ পাছত ৪৪ বছৰৰ আগতে দলটোৱে ছাৰ্ভিছেছৰ বিৰুদ্ধে নিজৰ প্ৰথম ৰঞ্জি বিজয় লাভ কৰিছিল। দীঘলীয়া অপেক্ষা, সংগ্ৰাম আৰু উত্থান-পতনৰ পিছত এতিয়া দলটোৱে দেশৰ অন্যতম সন্মানীয় গৃহ ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰি নতুন অধ্যায় আৰম্ভ কৰিছে।
ছেমিফাইনেলত বলাৰসকলে শৃংখলাবদ্ধ প্ৰদৰ্শনেৰে বংগক চাপত ৰাখে, আনহাতে বেটচমেনসকলে লক্ষ্য অনুসৰণ কৰাৰ সময়ত ধৈৰ্য আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰে। চতুৰ্থ ইনিংছত উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি ৬ উইকেট অৱশিষ্ট থাকোঁতেই দলটোৱে খেলখন নিজৰ নামত কৰে।
ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী