নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি জিকিম বুলি কোনেও আশা কৰা নাছিল: আর্চাৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে যোৱানিশা ২২৪ ৰানৰ লক্ষ্যৰ পিছ লৈ ৰাজস্থান ৰয়েলছে জয় সাব্যস্ত কৰিব বুলি কোনেও আশা কৰা নাছিল৷ কিন্তু সঞ্জু ছেমছন, ষ্টিভেন স্মিথ আৰু ৰাহুল টেৱাটিয়াৰ বিস্ফোৰক বেটিঙে অসম্ভৱ যেন লগা জয়ক সম্ভৱ কৰি তুলিলে৷ এই মন্তব্য আগবঢ়াইছে ৰাজস্থান ৰয়েলছৰ তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰে৷ শক্তিশালী কিংছ একাদশৰ বিৰুদ্ধে ৰাজস্থানে চমৎকাৰ জয় সাব্যস্ত কৰাৰ পিছত ইংলেণ্ডৰ তাৰকাগৰাকীয়ে কয় যে এই জয় দলটোৰ বাবে অত্যন্ত সন্তুষ্টিদায়ক আৰু ই গোটেই প্রতিযোগিতাখনত দলটোক অনুপ্রাণিত কৰি যাব৷

‘ইনিংছৰ মাজভাগত আমি কিছু মন্থৰ বেটিং কৰিছিলোঁ৷ সেই সময়ত সকলোৱে জয়ৰ আশা ত্যাগ কৰিছিল৷ কিন্তু টেৱাটিয়াই ছেল্ডন কট্রেলৰ এটা অ’ভাৰত পাঁচটা ছিক্সাৰ কোবাই মেচৰ গতি সলনি কৰিলে৷ এই জয় আমাৰ বাবে অত্যন্ত প্রেৰণাদায়ী৷’ আর্চাৰে এইদৰে কয়৷

উল্লেখ্য যে সঞ্জু ছেমছন আৰু ষ্টিভেন স্মিথে জয়ৰ ভেটি গঢ়াৰ পিছত টেৱাটিয়াই ১৮ নম্বৰ অ’ভাৰত ৫টা ছিক্সাৰ কোবাই ৰাজস্থান ৰয়েলছলৈ স্মৰণীয় বিজয় কঢ়িয়াই আনে৷ বাঁওহতীয়া অলৰাউণ্ডাৰগৰাকীয়ে ৫৩ ৰানৰ বৰঙণি যোগায়৷

You might also like