ৰোম অ’পেনৰ ফাইনেলত জক’ভিচ, খিতাপ যুঁজত হালেপ
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ শীর্ষ বাছনিপ্রাপ্ত ৰোমানিয়াৰ ছিমনা হালেপে ৰোম অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ যুঁজত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত মহিলা শাখাৰ ছিংগলছৰ প্রথমখন ছেমিফাইনেল মেচত হালেপে নৱম বাছনিপ্রাপ্ত গার্বিন মুগুৰুজাক কিছু সংগ্রামৰ মূৰত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে৷
মেচখনত হালেপে ৬–৩, ৪–৬, ৬–৪ ছেটত পৰাস্ত কৰে প্রতিপক্ষক৷ ইফালে, পুৰুষ ছিংগলছৰ ফাইনেলত স্থান নিশ্চিত কৰিছে শীর্ষ বাছনিপ্রাপ্ত ছার্বিয়াৰ ন’ভাক জক’ভিচে৷ প্রথমখন ছেমি ফাইনেলত জক’ভিচে কেছপাৰ ৰুডক সহজে ৭–৫, ৬–৩ ছেটত পৰাস্ত কৰে৷
আনহাতে, প্রতিযোগিতাখনৰ পুৰুষ ছিংগলছৰ কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় মাগিছে ডিফেণ্ডিং চেম্পিয়ন স্পেইনৰ ৰাফেল নাডালে৷ মেচখনত ৯বাৰৰ চেম্পিয়ন দ্বিতীয় বাছনিৰ নাডালে অষ্টম বাছনিৰ ডিয়েগ’ শ্ব’ৱার্টছ মানৰ হাতত পোনপটীয়াকৈ ৬–২, ৭–৫ ছেটত পৰাজয় স্বীকাৰ কৰে৷