ৰাজ্যসভাৰ পৰা নিলম্বিত সাংসদ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ৰাজ্যসভাৰ পৰা নিলম্বিত হৈছে ৰিপুন বৰা সহ আঠজন সাংসদ। আজি ৰাজ্যসভাৰ সভাপতিয়ে নিলম্বন কৰিছে সাংসদ কেইগৰাকীক।
নিলম্বিত সাংসদ কেইগৰাকী হৈছে ডেৰেক অ’ব্রায়েন (তৃণমূল কংগ্ৰেছ), সঞ্জয় সিং (আম আদমী পাৰ্টি), ৰাজীৱ চাতৱ (কংগ্ৰেছ), কে কে ৰাগেশ (চিপিএম), চৈয়দ নাচিৰ হুছেইন (কংগ্ৰেছ), ডলা সেন (তৃণমূল কংগ্ৰেছ) আৰু ইলামৰাম কাৰীম (চিপিএম)।
উল্লেখ্য যে দেওবাৰে ৰাজ্যসভাত কৃষি বিধেয়ক দুখন ৰাজ্যসভাত গৃহীত কৰাৰ সময়ত বিৰোধীৰ শ্লোগান, বিক্ষোভত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপৰি বিধেয়কৰ প্রতিলিপি ফালি পেলোৱা ঘটনাও সংঘটিত হৈছিল৷ আনকি উপাধ্যক্ষৰ মাইক্র’ফোন পর্যন্ত কাঢ়ি নিয়াৰ চেষ্টা চলাইছিল বিৰোধী সাংসদে।
উক্ত আচৰণৰ বাবেই আঠজন সাংসদক নিলম্বন কৰা হৈছে।