নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ প্রথমটো খিতাপৰ লক্ষ্যৰে আজি অভিযান চলাব আৰচিবিয়ে

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ প্রথমটো খিতাপ জয়ৰ লক্ষ্যৰে আজি আই পি এলত অভিযান আৰম্ভ কৰিব বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে৷ ডুবাইত অনুষ্ঠিত হ’বলগীয়া মেচখনত দলটোৰ প্রতিদ্বন্দ্বী হ’ব ছানৰাইজার্ছ হায়দৰাবাদ৷

অধিনায়ক কোহলি, দক্ষিণ আফ্রিকাৰ বিস্ফোৰক বেটছমেন এবি ডি ভিলিয়ার্ছৰ দৰে তাৰকাৰে সমৃদ্ধ আৰ চি বিৰ মিড্ল অর্ডাৰক এইবাৰ অধিক শক্তিশালী কৰিছে অষ্ট্রেলিয়ান তাৰকা আৰন ফিন্সৰ অন্তর্ভুক্তিয়ে৷ কর্ণাটকৰ বিৰল প্রতিভাধৰ অ’পেনাৰ দেৱদূত পাড়িকালক লৈও দলটো অত্যন্ত আশাবাদী৷

বলিঙত দলটোৰ প্রধান ভৰসা হ’ব তাৰকা লেগস্পিনাৰ য়ুজৱেন্দ্র চাহাল আৰু অষ্ট্রেলিয়াৰ উদীয়মান লেগস্পিনাৰ আডাম জাম্পা৷ ডুবাইৰ স্পিন সহায়ক উইকেটত চাহাল আৰু জাম্পা মেচ উইনাৰ হৈ উঠিব পাৰে বুলি ইতিমধ্যে ক্রিকেট বিশ্লেষকে মতপোষণ কৰিছে৷

দক্ষিণ আফ্রিকাৰ অলৰাউণ্ডাৰ ক্রিছ মৰিছেও কোহলি বাহিনীলৈ মূল্যৱান বৰঙণি আগবঢ়োৱাৰ সম্ভাৱনা আছে৷ ইফালে, ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদত আছে জনী বেয়াৰষ্ট’, কেন উইলিয়ামছন, মনীষ পাণ্ডে আদিৰ দৰে আক্রমণাত্মক বেটছমেন৷

উদীয়মান বেটছমেন বিৰাট সিং আৰু প্রিয়ম গার্গেও এইবাৰ চমক দেখুৱাবলৈ সাজু হৈছে৷ বলিঙত দলটোক নেতৃত্ব দিব অভিজ্ঞ মিডিয়া পেচাৰ ভুবনেশ্বৰ কুমাৰে৷ তেওঁক সংগ দিব সন্দীপ শর্মা আৰু সিদ্ধার্থ কৌলে৷ একেদৰে স্পিন বিভাগত আছে আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰছিদ খান আৰু মহম্মদ নবী৷ খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like