নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়েল মাদ্রিদৰে চুক্তিবদ্ধ কিলিয়ান এমবাপে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ অৱশেষত অন্ত পৰিল জল্পনা–কল্পনাৰ৷ আশা কৰা মতে ৰিয়েল মাদ্রিদত যোগদান কৰিলে কিলিয়ান এমবাপেই৷ ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ছ’চিয়েল মিডিয়াত ৰিয়েল মাদ্রিদে এমবাপেই যোগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ ফ্রান্সৰ বিশ্বকাপ বিজয়ী ফুটবলাৰগৰাকীয়ে পাঁচ বছৰৰ বাবে ৰিয়েল মাদ্রিদৰ সৈতে চুক্তিবদ্ধ হৈছে৷ যোৱা বছৰৰ ফেব্রুৱাৰী মাহত এমবাপে নিজেহ কৈছিল যে তেওঁ আৰু পেৰিছ ছেইণ্ট জার্মেইনত থাকিব নিবিচাৰে৷ তেতিয়াৰ পৰাহ তেওঁৰ ৰিয়েল মাদ্রিদলৈ আগমনৰ জল্পনা–কল্পনা আৰম্ভ হৈছিল৷ দিন পাৰ হৈ যোৱাৰ লগে লগে জল্পনা-কল্পনা বাঢ়ি আহিছিল আৰু অৱশেষত ৰিয়েল মাদ্রিদে চেম্পিয়নছ লীগ জয় কৰাৰ পিছত এমবাপেই ৰিয়েললৈ আহিব বুলি সদৰী কৰে৷ এমবাপে ছ’চিয়েল মিডিয়াত লিখিছে– ‘এটা সপোন বাস্তৱায়িত হ’ল৷ মোৰ সপোনৰ ক্লাব ৰিয়েল মাদ্রিদত যোগদান কৰি মই অত্যন্ত সুখী আৰু গৌৰৱান্বিত৷ বর্তমান মই কিমান আনন্দিত হৈ আছোঁ কোনেও বুজিব নোৱাৰে৷ আপোনালোকৰ অবিশ্বাস্য সমর্থনৰ বাবে ধন্যবাদ৷’ দুবছৰ পূর্বেই এমবাপেক ৰিয়েল মাদ্রিদৰে চুক্তিবদ্ধ কৰাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল৷ সেহবাৰ এমবাপে শেষ মুহূর্তত পিএছজিত থাকিবলৈ সিদ্ধান্ত লয়৷ এইবাৰ কোনো ট্ৰেন্সফাৰ মাচুল নোহোৱাকৈ ৰিয়েলত যোগদান কৰে কিলিয়ান এমবাপেই৷

You might also like