নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাৰ ব্যর্থতা অব্যাহত; কিংছ একাদশ পঞ্জাবৰ ষষ্ঠ জয়

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: চলিত আই পি এলত প্লে’ অফ খেলাৰ আশা অধিক সজীৱ কৰি তুলিছে কিংছ একাদশ পঞ্জাবে৷ শ্বাৰজাহত সোমবাৰে অনুষ্ঠিত এখন মেচত দলটোৱে কলকাতা নাইট ৰাইডার্ছক আঠ উইকেটত পৰাস্ত কৰি পইণ্ট তালিকাৰ চতুর্থ স্থানলৈ উন্নীত হৈছে৷

প্রতিযোগিতাখনত দলটোৰ এয়া ষষ্ঠ জয়৷ ১৫০ ৰানৰ লক্ষ্যৰ পিছ লৈ পঞ্জাবে ৮টা বল বাকী থকা অৱস্থাত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ মনদীপ সিঙে অপৰাজিতভাৱে ৬৬ আৰু ক্রিছ গেইলে ৫১ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ায়৷ ইয়াৰ পূর্বে কলকাতা নাইট ৰাইডার্ছে নির্ধাৰিত ২০ অ’ভাৰত ৯ উইকেটৰ বিনিময়ত ১৪৯ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ অ’পেনাৰ শুভমন গিলে সর্বাধিক ৫৭ আৰু অধিনায়ক ইয়ন মৰগানে ৪০ ৰানৰ অৰিহণা আগবঢ়োৱাৰ বাহিৰে আন বেটছমেনসকল সম্পূর্ণৰূপে ব্যর্থ হয়৷

শুভমনে ৪৫ বলৰ সন্মুখীন হৈ তিনিটা বাউণ্ডেৰী আৰু চাৰিটা অ’ভাৰ বাউণ্ডেৰীৰ সহায়ত অর্ধশতকীয় ইনিংছটো সজায়৷ মৰগানে ২৫টা বল খেলি পাঁচটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰী কোবায়৷ অ’পেনাৰ নীতিশ ৰাণা ০, ৰাহুল ত্রিপাঠী ৭, দীনেশ কার্তিক ০ আৰু সুনীল নাৰিন ৬ ৰানতে আউট হয়৷

You might also like