নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদীৰ জোতা–চেণ্ডেল মুকলি নীতিন গাডকাৰিৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: খাদী আৰু গ্রামোদ্যোগ আয়োগ (কেভিআইচি) আয়োগৰ দ্বাৰা ডিজাইন কৰা খাদীৰ জোতা–চেণ্ডেল মুকলি কৰিলে কেন্দ্রীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ বিভাগৰ মন্ত্রী নীতিন গাডকাৰিয়ে৷ কে ভি আই চিৰ খাদী ফ্রেবিক ফুটৱেৰ মুকলি কৰি কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে কয় যে পুৰুষ আৰু মহিলাৰ বাবে কে ভি আই চিয়ে ডিজাইন কৰি উলিওৱা জোতা–চেণ্ডেল দেশৰ জনতাই পছন্দ কৰিব৷ খাদী ফুটৱেৰৰ অনলাইন বিক্রীৰ ই–পর্টেল কে ভি আই চি ডব্লিউ ডব্লিউ ডব্লিউ ডট খাদী ইণ্ডিয়া ডটগভডটইন মুকলি কৰে মন্ত্রী গাডকাৰিয়ে৷

কে ভি আই চিয়ে ডিজাইন কৰা জোতা–চেণ্ডেলৰ ভিতৰত ১৫বিধ মহিলাৰ বাবে আৰু ১০ বিধ পুৰুষৰ বাবে৷ এই জোতা–চেণ্ডেলবোৰ ফৰমেল, কেজুৱেল আৰু ফেষ্টিভ ফোকাচনত পিন্ধাৰ বাবে প্রস্তুত কৰা হৈছে৷ ১,১০০ টকাৰ পৰা ৩,৩০০ টকাৰ ভিতৰত এই জোতা–চেণ্ডেলসমূহৰ মূল্য নির্ধাৰণ কৰা হৈছে৷ খাদী ফ্রেবিক ফুটৱেৰবোৰ পাতলা ছিল্ক অৱ গুজৰাট, বানাৰসী ছিল্ক, মধুবাণী প্রিণ্টেড ছিল্ক অৱ বিহাৰ, খাদী ডেনিম, তুষাৰ ছিল্ক, মাতকা–কাটিয়া ছিল্ক আৰু বিভিন্ন ধৰণৰ কটন ফ্রেবিক, টুইডউল আৰু খাদী পলিবস্ত্র ব্যৱহাৰ কৰি প্রস্তুত কৰা হৈছে৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ ৰেডিঅ’ কার্যসূচী মন কী বাতত কেইবাবাৰো খাদী বস্ত্রৰ প্রসংগ উল্লেখ কৰি আহিছে৷ কালিৰ সংস্কৰণ মন কী বাততো ভোকেল ফৰ লোকেল মন্ত্রৰ প্রসংগৰে প্রধানমন্ত্রী মোদীয়ে খাদী সামগ্রী সম্প্রতি বিশ্বৰ বিভিন্ন দেশৰ জনতাই পছন্দ কৰে বুলি মন্তব্য কৰিছে৷ মেক্সিকোত খাদী বস্ত্র তথা খাদী সামগ্রী অতি জনপ্রিয় হৈ পৰা বুলিও প্রধানমন্ত্রী মোদীয়ে মন কী বাতত উল্লেখ কৰে৷

You might also like