নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ মৃত্যু সত্ত্বেও খেলপথাৰত নামিল মনদীপ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: পিতৃৰ মৃত্যুৰ বেদনাৰ মাজতো অদম্য সাহস, দৃঢ়তা আৰু মনোবলৰ পৰিচয় দাঙি ধৰি খেলপথাৰত নামিল উদীয়মান ক্রিকেটাৰ মনদীপ সিং৷ ইউ এ ইত চলি থকা আই পি এলত কিংছ ইলেভেন পঞ্জাবৰ হৈ খেলা ২৮ বছৰীয়া বেটছমেনগৰাকীয়ে শনিবাৰে নিশা পিতৃৰ মৃত্যুৰ সংবাদৰ পিছতো ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামে৷

বৃক্কৰ ৰোগত আক্রান্ত হৈ শুকুৰবাৰে নিশা মনদীপৰ পিতৃ হৰদেৱ সিঙে মৃত্যুবৰণ কৰে যদিও পুত্র মনদীপে দলৰ প্রতি থকা দায়িত্ব উপলব্ধি কৰি ঘৰলৈ উভতি অহাৰ পৰা বিৰত থাকে৷ শনিবাৰে পুৱা তেওঁ ভিডিঅ’ কলৰ জৰিয়তে পিতৃৰ অন্ত্যেষ্টিক্রিয়া প্রত্যক্ষ কৰাৰ পিছত বিয়লি ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নামে৷ মনদীপৰ পিতৃৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কিংছ একাদশ পঞ্জাবৰ খেলুৱৈসকলে মেচখনত হাতত ক’লা বেজ পৰিধান কৰি খেলপথাৰত নামে৷ নিয়মীয়া অ’পেনাৰ মায়ংক আগৰৱালৰ আঘাতৰ বাবে মূল একাদশত স্থান লাভ কৰা মনদীপ সিঙে ১৪টা বলৰ সন্মুখীন হৈ ১৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷

You might also like