নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিৰণ পাৱাৰক অসম ৰঞ্জি দলৰ মুখ্য প্রশিক্ষক নিযুক্তি

ডিজিটেল ডেস্ক, ২১ এপ্রিল : অসম ক্রিকেট সন্থাই ৰঞ্জি ট্ৰফী আৰু অন্যান্য সীমিত অভাৰৰ ফর্মেটকে ধৰি আগন্তুক ঘৰুৱা ছিজনৰ বাবে অসম জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্রশিক্ষক হিচাপে কিৰণ ৰাজাৰাম পাৱাৰক নিযুক্তি দিছে৷

মুম্বাইৰ বাসিন্দা পাৱাৰ ভাৰতৰ ১৯ বছৰ অনূর্ধ্ব দলৰ প্রাক্তন অধিনায়ক আছিল৷ পৰৱর্তী কালত প্রশিক্ষক হিচাপে তেওঁ ব্রিটেহনৰ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ৰ্ড (ইচিবি)ৰ পৰা সন্মানীয় লেভেল ‘বি’ প্রশিক্ষকৰ প্রমাণ–পত্র লাভ কৰে৷

খেলুৱৈ তথা প্রশিক্ষক হিচাপে থকা তেওঁৰ বিস্তৃত জ্ঞান আৰু অভিজ্ঞতাই অসমৰ জ্যেষ্ঠ পুৰুষ দলৰ বিকাশ আৰু প্রদর্শনত যথেষ্ট অৰিহণা যোগাব বুলি অসম ক্রিকেট সন্থা আশাবাদী৷ এচিএই পাৱাৰক উষ্ম আদৰণি জনাইছে আৰু তেওঁৰ নির্দেশনাত এটা সফল কার্যকালৰ বাবে আশাৰে অপেক্ষা কৰিছে৷ অসম ক্রিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্রকাশ৷

You might also like