নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃহাৰা হ’ল পীয়ূষ চাওলা

নিয়মীয়া বাৰ্তা ১১ মেঃ পিতৃহাৰা হ’ল ভাৰতৰ একালৰ সুদক্ষ লেগ স্পিনাৰ পীয়ূষ চাওলা৷ উত্তৰ প্রদেশৰ ৩২ বছৰীয়া ক্রিকেটাৰগৰাকীৰ পিতৃ প্রমোদ কুমাৰ চাওলা ক’ভিড–১৯জনিত সমস্যাৰ সন্মুখীন হৈ মৃত্যুমুখত পৰে৷ কিছুদিন পূর্বে তেওঁ ক’ভিড–১৯ৰ পৰা আৰোগ্য লাভ কৰিছিল যদিও ভয়ংকৰ ভাইৰাছবিধৰ আক্রমণে প্রমোদ চাওলাৰ শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ ক’ভিডৰ পিছৰ পর্যায়ত সন্মুখীন হোৱা এই সমস্যাৰ ফলত অৱশেষত ক্রিকেটাৰগৰাকীৰ পিতৃ প্রমোদ চাওলাই শেষ নিশ্বাস ত্যাগ কৰে৷

ইয়াৰ পূর্বে দেওবাৰে ৰাজস্থান ৰয়েলছৰ উদীয়মান বাঁওহতীয়া বেগী বলাৰ চেতন ছাকাৰিয়াৰ পিতৃৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হৈছিল৷ ভাৰতৰ মহিলা ক্রিকেটাৰ বেদা কৃষ্ণমূর্তিৰ মাতৃ আৰু ভগ্ণী কিছুদিন পূর্বে মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰিছিল৷ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী আই পি এলত ব্যস্ত থকাৰ সময়ত তেওঁৰ পিতৃ–মাতৃও ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হৈছিল যদিও সম্প্রতি তেওঁলোক সুস্থ হৈ উঠিছে৷

You might also like