নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রিকেটাৰৰ তালিকাত কোহলি–ৰোহিত–ধোনী

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রিকেটাৰৰ তালিকাত স্থান লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, অ’পেনাৰ ৰোহিত শর্মা আৰু প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ একেদৰে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রিকেট দল হিচাপে চিহ্ণিত হৈছে৷ এছইএম ৰাশ্ব নামৰ এটি প্রতিষ্ঠানে চলোৱা সমীক্ষাত এই কথা প্রকাশ পাইছে৷

প্রতিষ্ঠানটোৱে প্রকাশ কৰা অনুসৰি, চলিত বর্ষৰ জানুৱাৰীৰ পৰা জুন মাহলৈ ইণ্টাৰনেটত কোহলিৰ নাম ১৬.২ লাখবাৰ ছার্চ কৰা হৈছে৷ একেদৰে উক্ত সময়ছোৱাত প্রায় ২.৪ লাখ লোকে ইণ্টাৰনেটত টীম ইণ্ডিয়াৰ বিষয়ে ছার্চ কৰে৷ কোহলিয়ে শীর্ষস্থান অধিকাৰ কৰা বিশ্বৰ জনপ্রিয় ক্রিকেটাৰৰ তালিকাত ৰোহিত শর্মা আৰু ধোনীয়ে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ জানুৱাৰীৰ পৰা জুনৰ সময়ছোৱাত ৰোহিতৰ বিষয়ে ৯.৭ লাখ আৰু ধোনীৰ বিষয়ে ৯.৪ লাখ ব্যক্তিয়ে ইণ্টাৰনেটত জানিব বিচাৰে৷

এই তালিকাত স্থান লাভ কৰা আন দুগৰাকী ভাৰতীয় ক্রিকেটাৰ হ’ল উদীয়মান অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু প্রতিভাৱান বেটছমেন শ্রেয়াছ আয়াৰ৷ উক্ত সময়ছোৱাত ইণ্টাৰনেটত হার্দিকৰ নাম ৬.৭ লাখবাৰ আৰু শ্রেয়াছ আয়াৰৰ নাম ৩.৪ লাখবাৰ ছার্চ কৰা হৈছে৷

ইফালে, জনপ্রিয় দলৰ ক্ষেত্রত টীম ইণ্ডিয়া শীর্ষত থকাৰ বিপৰীতে ইংলেণ্ড আৰু অষ্ট্রেলিয়াই ক্রমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে৷

You might also like