বিশ্বকাপৰ আৰম্ভণিতে শীর্ষত কোহলি
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: টি–২০ বিশ্বকাপত দুখনকৈ মেচত অংশ লৈছে ভাৰতে৷ এই দুয়োখন মেচতে অর্ধশতৰান সংগ্রহ কৰিছে বিৰাট কোহলিয়ে৷ তেওঁৰ অনবদ্য বেটিঙৰ বাবেই বিশ্বকাপৰ আৰম্ভণিতে অন্য বেটাৰসকলতকৈ বহুদূৰ আগুৱাই গৈছে খেলুৱৈগৰাকী৷ দুখন মেচত ১৪৪ ৰান কৰি তেওঁ ২০১৬ চনৰ টি–২০ বিশ্বকাপৰ প্রদর্শনলৈ মনত পেলাই দিছে৷ পাকিস্তানৰ বিৰুদ্ধে ৮২ ৰানৰ পিছত নেদাৰলেণ্ডছৰ বিৰুদ্ধে ৬২ ৰান কৰিছে কোহলিয়ে৷ দুয়োখন মেচত তেওঁ অপৰাজিত হৈ ৰৈছে৷ এই দুয়োটা ইনিংছত তেওঁ মুঠ ৯টা চাৰি আৰু ৬টা ছয় কোবাইছে৷ বেটাৰসকলৰ তালিকাত দ্বিতীয় স্থানত আছে দক্ষিণ আফ্রিকাৰ কুইণ্টন ডি কক৷ দুখন মেচত তেওঁৰ ৰান ১১০৷ আনহাতে বাংলাদেশৰ বিপক্ষে শতৰান কৰি তালিকাত ৩ নম্বৰলৈ উন্নীত হৈছে দক্ষিণ আফ্রিকাৰ ৰিলি ৰুছো৷ তেওঁৰ সংগৃহীত ৰান ১০৯৷
]উল্লেখ্য যে ২০১৬ চনৰ টি–২০ বিশ্বকাপত সর্বাধিক ৰান কৰিছিল কোহলিয়ে৷ পাঁচখন মেচত তেওঁৰ বেটৰ পৰা আহিছিল ২৭৩ ৰান৷ তেওঁৰ সর্বোচ্চ ৰান আছিল অপৰাজিত ৮৯৷ সেইবাৰ কোহলিয়ে তিনিটা অর্ধশতৰান কৰিছিল৷ প্রতিযোগিতাখনত দ্বিতীয় স্থানত থকা জ’ ৰুটে সংগ্রহ কৰিছিল ২৪৯ ৰান৷