নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য ফিল্ডিং: পুৰানক প্রশংসা শচীন–সেৱাগৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দেওবাৰে নিশা অনুষ্ঠিত আই পি এলৰ শ্বাসৰুদ্ধকৰ মেচখনত অবিশ্বাস্য ফিল্ডিঙেৰে এটা নিশ্চিত ছিক্সাৰ ছেভ কৰা কিংছ একাদশ পঞ্জাবৰ ফিল্ডাৰ নিকোলাছ পুৰানৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে বেটিং কিংবদন্তি শচীন তেণ্ডুলকাৰ আৰু বীৰেন্দ্র সেৱাগ৷

সঞ্জু ছেমছনে মেচখনৰ দ্বিতীয় ইনিংছৰ অষ্টম অ’ভাৰত মিড উইকেটৰ ওপৰেৰে মৰা এটি শ্বট বাউণ্ডেৰী লাইনৰ ওপৰেৰে গৈ নিশ্চিত ছিক্সাৰ হোৱাৰ দিশে অগ্রসৰ হোৱাৰ সময়তে পুৰানে অবিশ্বাস্য ধৰণে ডাইভ মাৰি বলটো ছিক্সাৰ হোৱাৰ পৰা ৰক্ষা কৰে৷ ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেনগৰাকীৰ এই অদ্ভুত ফিল্ডিং প্রত্যক্ষ কৰি তেণ্ডুলকাৰে টুইটাৰত কয় যে জীৱনত তেওঁ ইয়াতকৈ উন্নতমানৰ ফিল্ডিং কেতিয়াও দেখিবলৈ পোৱা নাই৷

ইফালে, সেৱাগে ব্যতিক্রমী শৈলীৰে টুইটাৰত কয় যে পুৰানে আজি মাধ্যাকর্ষণ শক্তিক পৰাভূত কৰি সকলোকে চমকিত কৰিলে৷ ছ’চিয়েল মিডিয়াতো পুৰানৰ অবিশ্বাস্য ফিল্ডিঙৰ ভিডি’ ভাইৰেল হৈ পৰা দেখা গৈছে৷

You might also like