নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশলৈ গৌৰৱ কঢ়িয়াই সুখী নীৰজ চোপ্রা

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত স্বর্ণপদক জয় কৰি ইতিহাস ৰচনা কৰা ভাৰতৰ তাৰকা পুৰুষ জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাক আজি স্বদেশত উপস্থিত হোৱাৰ লগে লগে বীৰোচিত আদৰণি জনোৱা হয়৷

অলিম্পিকৰ এথলেটিক্ছত প্রথমবাৰৰ বাবে স্বর্ণ জয় কৰি ইতিহাস ৰচনা কৰা নীৰজ চোপ্রাক আদৰণি জনোৱাৰ বাবে কেইবাঘণ্টাধৰি অনুৰাগীয়ে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত অপেক্ষা কৰে৷ প্রায় ৮০জনীয়া

ভাৰতীয় দলটোৰে সৈতে নতুন দিল্লীত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীয়ে ঢ়োল–নাগৰা আদি বজাই নীৰজ চোপ্রাক আদৰণি জনোৱাৰ লগতে শুভাকাংক্ষীসকলে তাৰকা খেলুৱৈগৰাকীৰ সৈতে ছেল্ফি উঠাৰ বাবে হেতা–ওপৰা লগায়৷ নতুন দিল্লীত উপস্থিত হৈ সাংবাদিকৰে হোৱা বার্তালাপত নীৰজ চোপ্রাই কয় যে দেশলৈ গৌৰৱ কঢ়িয়াই আনি তেওঁ সুখী৷ টকি’ অলিম্পিকত স্বর্ণ পদক জয় কৰিব পাৰিব বুলি আশা কৰিছিল বুলি উল্লেখ কৰি তাৰকা জেভলিন থ্র’ৱাৰগৰাকীয়ে লগতে কয় যে বিশ্বদৰবাৰত ভাৰতৰ নাম স্বর্ণিল আখৰেৰে লিপিবদ্ধ কৰিবলৈ পাই তেওঁ সুখী৷ অৱশ্যে এই সফলতাৰ বাবে তেওঁ বহুদিনৰ পৰাই অনুশীলন চলাই আছিল আৰু অৱশেষত তেওঁ সফলতাৰ মুখ দেখে৷ বিশ্বক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনৰ ট্রেক এণ্ড ফিল্ডত স্বর্ণপদক জয় কৰি দেশৰ প্রথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হোৱাত গৌৰৱান্বিত বুলি উল্লেখ কৰে নীৰজ চোপ্রাই৷

ইফালে, দেওবাৰে সামৰণি পৰা টকিঅ’ অলিম্পিকত অংশগ্রহণ কৰি আজি ভাৰতত উপস্থিত হোৱা খেলুৱৈ আৰু পদকজয়ীসকলক অশোকা হোটেলত সম্বর্ধনা জনোৱা হয়৷ উল্লেখ্য যে টকিঅ’ অলিম্পিকৰ পুৰুষৰ জেভলিন থ্র’ত ৮৭.৫৮ মিটাৰ দলিয়াই প্রথম স্থান অধিকাৰ কৰি নীৰজ চোপ্রাই স্বর্ণপদক লাভ কৰিছিল৷

You might also like