নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীৰ মাজত সফলতাৰে সম্পন্ন অলিম্পিকঃ দেশবাসীক ধন্যবাদ জাপানৰ প্রধানমন্ত্রী য়’ছিহিডেৰ

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ  মহামাৰী ক’ভিড ১৯ৰ প্রাদুর্ভাৱৰ মাজতে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক সফলতাৰে আয়োজনৰ ক্ষেত্রত সহায়–সহযোগিতাৰ বাবে দেশবাসীক ধন্যবাদ জনাইছে জাপানৰ প্রধানমন্ত্রী য়’ছিহিডে ছুগাই৷ শান্তি–সম্প্রীতি আৰু নতুন আশাৰ বার্তা বিলাই দেওবাৰে টকিঅ’ অলিম্পিকৰ সামৰণি পৰাৰ পিছতে প্রধানমন্ত্রী ছুগাই কয় যে মহামাৰী ক’ভিড–১৯ৰ মাজত অলিম্পিকৰ দৰে মেগা ইভেণ্ট আয়োজন কৰাটো তেওঁলোকৰ বাবে অত্যন্ত প্রত্যাহ্বানজনক আছিল৷ কিন্তু সকলোৰে সহায়–সহযোগিতাৰ ফলত প্রতিযোগিতাখন নিৰাপদ আৰু সফলতাৰে সম্পন্ন হ’ল৷

উল্লেখ্য যে ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে এবছৰ পিছুওৱা টকিঅ’ অলিম্পিক আৰম্ভ হোৱাৰ প্রাক মুহূর্তলৈ অনিশ্চয়তা বিৰাজ কৰিছিল৷ অলিম্পিকৰ পূর্বে টকি’ত ক’ভিডৰ সংক্রমণ বৃদ্ধিৰ সমান্তৰালকৈ দেশবাসীৰ ধাৰাবাহিক আন্দোলন আৰু প্রতিবাদে জাপান চৰকাৰ আৰু আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীক অস্বস্তিত পেলাইছিল৷ এই সকলো প্রত্যাহ্বান নেওচি ১৭ দিন ধৰি চলা টকিঅ’ অলিম্পিকৰ অৱশেষত দেওবাৰে সামৰণি পৰে৷

ইফালে, মেগা ইভেণ্টখনত জাপানৰ ৫৮গৰাকী পদক বিজয়ীক অভিনন্দন জনাইছে প্রধানমন্ত্রী ছুগাই৷

You might also like