নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনিটাইজাৰ লগাই যশপ্রীত বুমৰাহক কৰমর্দন নীতা আম্বানি -ৰ

মুম্বাই, ২৩ মে’ : ছেনিটাইজাৰ লগাই যশপ্রীত বুমৰাহক কৰমর্দন নীতা আম্বানি -ৰ। বুধবাৰে আইপিএলত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজৰ মেচৰ অন্তত দেখা গ’ল এটা অদ্ভুত দৃশ্য৷ মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী নীতা আম্বানিক কৰমর্দন কৰাৰ পূর্বে দলৰ খেলুৱৈয়ে ছেনিটাইজাৰেৰে হাত চাফা কৰিছিল৷ এই ঘটনাৰ পিছতে চর্চালৈ আহে নীতা আম্বানি৷ অৱশ্যে নীতা আম্বানিয়ে ক’ভিডৰ পৰা হাত সাৰিবলৈহে এই কাম কৰিছিল বুলি জানিব পৰা গৈছে ৷

🔹 দেশত ক’ভিডৰ সংক্রমণৰ হাৰ বৃদ্ধি | COVID-19 infection rate is rise in country

শেহতীয়াকৈ দেশত ক’ভিডৰ সংক্রমণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সতর্কতা অৱলম্বন কৰি নীতাই এই কাম কৰিছিল বুলি বিশ্বাস কৰা হয়৷ খেলখন সমাপ্তিৰ পিছত ক্রিকেটাৰৰ লগত কথা পাতিবলৈ মুম্বাইৰ স্বত্বাধিকাৰীগৰাকীয়ে খেলপথাৰলৈ নামি আহিছিল ৷ বুমৰাহৰ ওচৰলৈ গৈ ছেনিটাইজাৰৰ বটল এটা আগবঢ়াই দিয়ে আৰু বুমৰাহে হাত ছেনিটাইজ কৰি নীতা আম্বানিক কৰমর্দন কৰে৷ আনহাতে, মুম্বাই দলৰ দীপক চহৰক ছেনিটাইজাৰৰ বটল লৈ ঘূূৰি ফুৰা দেখা গৈছিল৷ তেওঁ সতীর্থ আৰু দিল্লীৰ ক্রিকেটাৰকো হাত ছেনিটাইজ কৰিবলৈ কৈছিল৷ ইপিনে, ফিল্ড ষ্টাফৰ লগত হাত মিলাই দিয়াৰ সলনি হার্দিক পাণ্ডিয়াই হাতৰ মুঠি স্পর্শ কৰি সম্ভাষণ জনায়৷

You might also like