পেৰিছত স্বর্ণৰ প্রতিশ্রুতি লাভলীনাৰঃ ক্রীড়াক কেৰিয়াৰ হিচাপে গ্রহণ কৰিবলৈ নৱপ্রজন্মক আহ্বান
নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক অর্জনেৰে ইতিহাস ৰচা অসম কন্যা লাভলীনা বৰগোহাঁয়ে ২০২৪ৰ পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰিব বিচাৰে৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয়েৰে দেশ তথা ৰাজ্যবাসীক গৌৰৱান্বিত কৰি গৃহভূমিলৈ অহা তাৰকা বক্সাৰগৰাকীয়ে বৃহস্পতিবাৰে এই কথা প্রকাশ কৰে৷ শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত ৰাজ্য চৰকাৰে আয়োজন কৰা সম্বর্ধনা অনুষ্ঠানত গোলাঘাটৰ উদীয়মান বক্সাৰগৰাকীয়ে কয় যে ৰাজ্যবাসীৰ পৰা লাভ কৰা মৰম–চেনেহ আৰু আশীর্বাদে তেওঁক অভিভূত কৰি তুলিছে৷ ‘টকিঅ’ অলিম্পিকৰ পৰা মই সোণৰ পদক কঢ়িয়াই আনিব পাৰিম বুলি অসমবাসীয়ে আশা কৰিছিল৷ তেওঁলোকে মোৰ সাফল্য কামনাৰে ৰাজ্যৰ বিভিন্ন প্রান্তত বন্তি প্রজ্বলন কৰিছিল৷ কিন্তু মই তেওঁলোকৰ এই আশা পূৰণ কৰিব নোৱাৰিলোঁ৷ ইয়াৰ বাবে ৰাজ্যবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ৷ কিন্তু ২০২৪ৰ পেৰিছ অলিম্পিকৰ পৰা দেশলৈ সোণৰ পদক কঢ়িয়াই আনিম বুলি মই আপোনালোকক কথা দিলোঁ৷’ ৰাজ্য চৰকাৰৰ সম্বর্ধনা গ্রহণ কৰি লাভলীনাই এইদৰে কয়৷
ইফালে ভৱিষ্যতলৈ অসমৰ পৰা আৰু অধিক পদক বিজয়ী অলিম্পিয়ান সৃষ্টি হোৱাটো বিচাৰে বুলিও তাৰকাগৰাকীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে অসমৰ গ্রামাঞ্চলত অনেক প্রতিভা আছে৷ এই প্রতিভাসমূহ উলিয়াই আনিব পাৰিলে অসমৰ পৰা অধিক দক্ষ খেলুৱৈৰ সৃষ্টি হ’ব৷ অসমৰ যুৱপ্রজন্মই প্রবল আত্মবিশ্বাসেৰে ক্রীড়াক কেৰিয়াৰ হিচাপে গ্রহণ কৰা উচিত আৰু অভিভাৱকসকলে এইক্ষেত্রত নিজৰ সন্তানক সমর্থন আগবঢ়াব লাগে৷
উল্লেখ্য যে টকিঅ’ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ছেমিফাইনেলত প্রৱেশ কৰি লাভলীনাই স্বর্ণ অথবা ৰূপৰ পদক জয়ৰ সুযোগ পাইছিল যদিও ছেমিফাইনেলত পৰাস্ত হৈ ব্রঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়৷ অৱশ্যে অলিম্পিকত পদক জয় কৰা তেওঁ ভাৰতৰ তৃতীয়গৰাকী আৰু প্রথমগৰাকী অসমীয়া হিচাপে ইতিহাস ৰচে৷ বৃহস্পতিবাৰে পুৱা গৃহভূমিত উপস্থিত হোৱা লাভলীনাই আজি পুনৰ দিল্লীলৈ উভতি যাব৷ প্রধানমন্ত্রী মোদীৰ আমন্ত্রণমর্মে ১৫ আগষ্টৰ স্বাধীনতা দিৱসত অংশ ল’বলৈ তেওঁ দিল্লীলৈ উভতিব৷ ১৭ আগষ্টত পুনৰ অসমলৈ আহি বক্সাৰগৰাকীয়ে বৰপথাৰস্থিত নিজ গৃহলৈ যোৱাৰ কথা আছে৷