নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ টকাৰে চলি আছে পাকিস্তানৰ ক্রিকেটঃ ৰামিজ ৰাজা

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ ভাৰতৰ টকাৰে চলি আছে পাকিস্তানৰ ক্রিকেট৷ দেশখনৰ ক্রিকেট ব’ৰ্ডৰ এই শোচনীয় পৰিস্থিতিৰ কথা নিজমুখে স্বীকাৰ কৰিলে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ মুৰব্বী ৰামিজ ৰাজাই৷ শেহতীয়াকৈ পি চি বিৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হোৱা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আই চি চি হ’ল এছিয়া আৰু পশ্চিমীয়া দেশসমূহে আধিপত্য বিস্তাৰ কৰা এক সংস্থা৷ ইয়াৰ ৯০ শতাংশ ৰাজহ আহে ভাৰতৰ পৰা৷ ইফালে পাকিস্তান ক্রিকেট ব’ডৰ মুঠ বাজেটৰ ৫০ শতাংশ আহে আই চি চিয়ে আগবঢ়োৱা পুঁজিৰ পৰা৷

অর্থাৎ ভাৰতৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহে পাকিস্তানৰ ক্রিকেটক চলাই আছে আৰু ভাৰতৰ প্রধানমন্ত্রীয়ে যদি পাকিস্তানলৈ পুঁজি যোগান বন্ধ কৰি দিয়ে, তেন্তে পাকিস্তান ক্রিকেট ব’ৰ্ড দেউলীয়া হ’ব বুলিও ৰামিজ ৰাজাই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷

ইফালে, আই চি চিত আধিপত্য বিস্তাৰ কৰিবলৈ পাকিস্তান ক্রিকেট ব’র্ডে নিজকে আর্থিকভাৱে শক্তিশালী হ’ব লাগিব বুলি উল্লেখ কৰি ব’ডৰ মুৰব্বীগৰাকীয়ে কয় যে আগন্তুক টি–২০ বিশ্বকাপত পাকিস্তানে ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম হ’লে পাকিস্তানৰ প্রতি স্পনছ’ৰৰ দৃষ্টি আকর্ষিত হ’ব৷ইয়াৰ দ্বাৰা পাকিস্তান ক্রিকেট ব’ৰ্ডৰ আর্থিক দুর্দশা কিছু লাঘৱ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

মন কৰিবলগীয়া যে শেহতীয়াকৈ নিউজিলেণ্ড আৰু ইংলেণ্ড ক্রিকেট ব’র্ডে নিৰাপত্তাজনিত কাৰণৰ বাবে পাকিস্তান ভ্রমণ বাতিল কৰাৰ পিছত ৰামিজ ৰাজাই আই চি চিক ভাৰতৰ দ্বাৰা পৰিচালিত এক ইভেণ্ট মেনেজমেণ্ট কোম্পানী আখ্যা দিছিল৷

You might also like