নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষিদ্ধ ড্রাগছ সেৱন কৰি বিশ্বকাপ খেলিছিল পাকিস্তানী ক্রিকেটাৰে

ডিজিটেল ডেস্ক, ২৩ এপ্রিল : নিষিদ্ধ ড্রাগ্ছ সেৱন কৰি টি–২০ বিশ্বকাপ খেলিছিল পাকিস্তানী অল ৰাউণ্ডাৰ মহম্মদ নৱাজে৷ ড’প টেষ্টত এই কথা পোহৰলৈ আহিছে৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি মতে, মহম্মদ নৱাজে টি–২০ বিশ্বকাপৰ সময়ত ড্রাগ্ছ সেৱন কৰিছিল৷ বিশ্বকাপত তেওঁ ৭খন মেচ খেলিছিল৷ প্রতিযোগিতাৰ ৫টা ইনিংছত মাত্র ১৫ ৰান সংগ্রহ কৰাৰ লগতে ৭টা উইকেট দখল কৰিছিল নৱাজে৷ শ্রীলংকাতে বিশ্বকাপৰ আটাইকেইখন মেচ খেলিছিল নৱাজে৷ অৱশ্যে ছলমান আলী আঘা নেতৃত্বাধীন পাকিস্তানে ছুপাৰ ৮ৰ পৰাই বাহিৰ হৈছিল৷

পিচিবিৰ এগৰাকী মুখপাত্রই কয় যে আইচিচিয়ে ইতিমধ্যে এই বিষয়ে পাকিস্তান ক্রিকেট ব’ৰ্ডক অৱগত কৰিছে৷ পিচিবিয়ে ইয়াৰ পিছতে তদন্ত প্রক্রিয়া অৰম্ভ কৰিছে৷ ইফালে, এইগৰাকী ক্রিকেটাৰে ড’প টেষ্টত ব্যর্থ হোৱাৰ পিছতো বর্তমান পাকিস্তান ছুপাৰ লীগত খেলি আছে৷ তেওঁ পিএছএলত মূলতান চুলতানৰ হৈ খেলিছে যদিও ৪খন মেচত কেৱল ৩৪ ৰান সংগ্রহ কৰাৰ লগতে ৬টা উইকেট লাভ কৰিছে৷

ইফালে, ড’প টেষ্টৰ ফলাফল বাহিৰ হোৱাৰ পাছতে ব্ৰিটেইনৰ কাউণ্টী ক্রিকেট ক্লাব ছাৰেৰ সৈতে মহম্মদ নৱাজৰ চুক্তি বাতিল কৰা হৈছে৷ ২৬ মে’ৰ পৰা ২৮ জুলাইলৈকে অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ টি–২০ টুর্নামেণ্ট খেলাৰ বাবে নৱাজে আপত্তিবিহীন প্রমাণ–পত্রও লাভ কৰিছিল৷ ছাৰেৰ সৈতে তেওঁৰ চুক্তি এই সপ্তাহতে ঘোষণা কৰাৰ কথা আছিল৷ অৱশ্যে ড’প টেষ্টত বিফল হোৱাৰ পিছত ইংলেণ্ডৰ কাউণ্টী ক্রিকেটত খেলাৰ সুযোগ পোৱাটো অসম্ভৱ হৈ পৰিছে৷

You might also like