নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোদী সন্ত্রাসবাদী’ : বিতর্কিত মন্তব্যত খার্গেলৈ জাননী নির্বাচন আয়োগৰ

ডিজিটেল ডেস্ক, ২৩ এপ্রিল : প্রধানমন্ত্রী নৰেন্দ্র মোদী সন্ত্রাসবাদী৷ তেওঁ বিৰোধীসকলক ভয় দেখুৱায়৷- কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেৰ এনে মন্তব্যই দেশজুৰি সৃষ্টি কৰিছে বিতর্কৰ৷ এনে পৰিস্থিতিত খার্গেলৈ জাননী পঠিয়াইছে নির্বাচন আয়োগে৷ কংগ্রেছ সভাপতিগৰাকীৰ মন্তব্যক ‘নির্বাচনী আচৰণবিধিৰ উলংঘন’ আখ্যা দি ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ পৰা উত্তৰ বিচাৰিছে আয়োগে৷

বুধবাৰে খার্গেৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰাৰ বাবে নির্বাচন আয়োগৰ দ্বাৰস্থ হৈছিল বিজেপিৰ এটা প্রতিনিধি দল৷ দলটোত আছিল কেন্দ্রীয় মন্ত্রী নির্মলা সীতাৰমণ, কিৰেণ ৰিজিজু, অর্জুনৰাম মেঘৱাল আৰু অন্যান্য নেতৃবৃন্দ৷ প্রতিনিধি দলটোৰ অভিযোগৰ কেইঘণ্টামানৰ ভিতৰত কংগ্রেছ সভাপতিগৰাকীলৈ জাননী পঠিয়ায় নির্বাচন আয়োগে৷ সম্প্রতি নির্বাচনী প্রচাৰত তামিলনাডুত আছে খার্গে৷

মঙলবাৰে এখন সংবাদ মেলত এআইএডিএমকে–বিজেপি মিত্রজোঁট সম্পর্কে ক’বলৈ গৈ তেওঁ মন্তব্য কৰে– ‘এআইএডিএমকেয়ে মোদীৰ সৈতে হাত মিলালে কিদৰে৷ মোদীতো এজন সন্ত্রাসবাদী৷ তেওঁ কোনো সমতাক বিশ্বাস নকৰে৷ তেওঁৰ দলটোৱেও সমতা বা ন্যায় বিচাৰত ভৰসা নাৰাখে৷ যিসকলে মোদীৰ সৈতে হাত মিলাইছে, সকলোৱেই গণতন্ত্রক দুর্বল কৰিছে৷’

প্রধানমন্ত্রীক ‘সন্ত্রাসবাদী’ বুলি আক্রমণ ভাৰতীয় গণতন্ত্রত নজিৰবিহীন ঘটনা৷ অৱশ্যে পিছত খার্গেই নিজৰ মন্তব্যৰ স্পষ্টীকৰণ দি কয়– ‘মই কেতিয়াও প্রধানমন্ত্রীক সন্ত্রাসবাদী বুলি কোৱা নাই৷ মই মাথোঁ কৈছোঁ মোদীয়ে আমাক ভয় দেখুৱায়৷ বিৰোধীসকলক সকলো সময়তেই হুমকি দিয়ে৷ ইডি আৰু অন্যান্য কেন্দ্রীয় এজেঞ্চীক ব্যৱহাৰ কৰে বিৰোধীক আতংকিত কৰিবলৈ৷’

You might also like